চিটাৰা ডেস্ক, 25 আগষ্ট :কুইন কংগনা ৰানাৱটে মুকলি কৰিছে আগন্তুক ছবি ‘ইমাৰ্জেন্সী’ৰ আন এক চৰিত্ৰৰ ফাৰ্ষ্ট লুক । ছবিখনত অভিনেতা মিলিন্দ সুমনে ভাৰতীয় সেনাৰ প্ৰাক্তন সেনাধ্যক্ষ ছেম মানেকশ্ব’ৰ চৰিত্ৰত অভিনয় কৰিব (Milind Soman latest updates) । কংগনা ৰানাৱটে মুকলি কৰিছে অভিনেতা গৰাকীৰ ফাৰ্ষ্ট লুক । এই চৰিত্ৰটোত মিলিন্দক শক্তিশালী ৰূপত দেখা গৈছে ।
কংগনাই ছবিখনৰ পৰা মিলিন্দৰ প্ৰথম ৰূপটো শ্বেয়াৰ কৰি লিখিছে (Kangana Ranaut instagram), 'ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতৰ সীমা ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা ছেম মানেকশ্ব’, যাৰ সেৱা আৰু সততা আজিও বিৰাজমান তেওঁৰ চৰিত্ৰত দ্য ডাইনামিক @milindrunnin'।
কংগনাই নিজেই ছবিখনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ চৰিত্ৰত অভিনয় কৰিছে । অভিনেত্ৰী গৰাকীয়ে ছবিখনৰ প্ৰতিটো বিশেষ চৰিত্ৰৰে ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰি আহিছে ৷ অনুপম খেৰে ‘জয়প্ৰকাশ নাৰায়ণ’, শ্ৰেয়স তালপাড়েই ‘অটল বিহাৰী বাজপেয়ী’ আৰু মহিমা চৌধুৰীয়ে সাংস্কৃতিক কৰ্মী পুপুল জয়কাৰৰ চৰিত্ৰত অভিনয় কৰিব ৷