চিটাৰা ডেস্ক,১ ডিচেম্বৰ : শ্বাহৰুখ খানৰ ছবি ডাংকি বৰ্তমান চৰ্চাত আছে । অনুৰাগীয়ে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । শেহতীয়াকৈ মুক্তি পোৱা ছবিখনৰ টিজাৰ দৰ্শকে যথেষ্ট ভাল পাইছে । একে সময়তে এতিয়া ক্ৰমান্বয়ে ছবিখনৰ গীত আৰু নতুন টিজাৰবোৰো মুক্তি পাবলৈ ধৰিছে । আজি অৰ্থাৎ ১ ডিচেম্বৰত ছবিখনৰ পৰা মুক্তি দিয়া হৈছে আন এটি নতুন গীত ।
Drop ৩ ৰ সৈতে মুক্তি পালে ডাংকিৰ নতুন গীত
ছবিখনৰ ড্ৰপ ৩ ৰ সৈতে ছবিখনৰ নতুন গীত ‘নিকলে থে কভি হম ঘৰ ছে’ মুক্তি লাভ কৰিছে । এই গীতটিত কণ্ঠদান কৰিছে সোণু নিগমে ৷ অৱশ্যে গীতটিৰ কথা হে মুক্তি দিয়া হৈছে ৷ সম্পূৰ্ণ ভিডিঅ’ এতিয়ালৈকে অহা নাই । কিন্তু ইয়াৰ গীতৰ কথাবোৰ ইমানেই সুন্দৰ যে যিকোনো মানুহৰ হৃদয় চুই যাব ।
গীতটোত এটা সুন্দৰ কাহিনী কোৱা দেখা গৈছে, য’ত চাৰিজন বন্ধুৰ বিস্ময়কৰ কাহিনী আৰু বিদেশত উপনীত হোৱাৰ প্ৰচেষ্টাৰ কথা কোৱা হৈছে । এই গীতটোৱে দেশৰ স্মৃতিৰ গভীৰতালৈ সোমাই যায়, যিটো নিজৰ দেশৰ পৰা আঁতৰি থকা আৰু উন্নত ভৱিষ্যতৰ সন্ধানত থকা প্ৰতিগৰাকী ব্যক্তিয়ে হৃদয়ৰ গভীৰতাৰ পৰা অনুভৱ কৰিব পাৰিব ।