চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ:২১ ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে শ্বাহৰুখ খানৰ ২০২৩ বৰ্ষৰ বহু প্ৰত্যাশিত ছবি ‘ডাংকি’ । এই ছবিখনে দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰিছে যদিও এই ছবিখনে কিং খানৰ পূৰ্বৰ মুক্তি পোৱা ব্লকবাষ্টাৰ ছবি ‘পাঠান’ আৰু ‘জৱান’ৰ সমান সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে প্ৰভাসৰ ছালাৰেও ‘ডাংকি’ৰ পথত বাধাৰ সৃষ্টি কৰিছে । শ্বাহৰুখ খান অভিনীত ছবিখনে মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ প্ৰথম সোমবাৰে কিমান সংগ্ৰহ কৰিছে জানো আহক এই প্ৰতিবেদনত ।
পঞ্চম দিনত ‘ডাংকিয়ে’ কিমান উপাৰ্জন কৰিলে ?
‘ডাংকি’এ বক্স অফিচত ঢৌ তুলিছে যদিও ইয়াৰ উপাৰ্জনৰ গতি আশা কৰা ধৰণে হোৱা নাই । আচলতে ছবিখনে প্ৰভাসৰ ছালাৰৰ সৈতে বক্স অফিচত সংঘৰ্ষ কৰিবলগীয়া হৈছে । ছালাৰে ভাৰতত মাত্ৰ চাৰিদিনতে ২৫০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে । একে সময়তে ‘ডাংকি’এ চাৰিদিনত মাত্ৰ ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে । ‘ডাংকি’ৰ উপাৰ্জনৰ কথা ক’বলৈ গ’লে এই ছবিখনে মুক্তিৰ প্ৰথম দিনাই ২৯.২ কোটি টকা উপাৰ্জন কৰিছিল । দ্বিতীয় দিনা ছবিখনৰ সংগ্ৰহ আছিল ২০.১২ কোটি টকা আৰু তৃতীয় দিনা ‘ডাংকি’এ ২৫.৬১ কোটি টকা উপাৰ্জন কৰে । চতুৰ্থ দিনা ছবিখনৰ ব্যৱসায় আছিল ৩০.৭ কোটি টকা । এতিয়া ছবিখন মুক্তিৰ পঞ্চম দিন অৰ্থাৎ প্ৰথম সোমবাৰৰ উপাৰ্জনৰ পৰিসংখ্যা পোহৰলৈ আহিছে ।
- Sacknilk ৰ ৰিপ’ৰ্ট অনুসৰি ‘ডাংকি’ মুক্তিৰ পঞ্চম দিনা অৰ্থাৎ প্ৰথম সোমবাৰে ২২.৫০ কোটি টকা সংগ্ৰহ কৰিছে ।
- ইয়াৰ লগে লগে ছবিখনৰ মুঠ ৫ দিনৰ উপাৰ্জন হৈছেগৈ ১২৮.১৩ কোটি টকা ।
বিশ্বজুৰি কিমান উপাৰ্জন কৰিলে ‘ডাংকি’এ ?