অসম

assam

By ETV Bharat Assamese Team

Published : Dec 7, 2023, 4:57 PM IST

ETV Bharat / entertainment

বিদেশত আৰম্ভ হ’ল ডাংকিৰ অগ্ৰিম বুকিং, ভাৰতত কেতিয়াৰ পৰা হ’ব আৰম্ভ ?

Dunki Advance Booking Overseas: ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ আগন্তুক ছবি ডাংকিক লৈ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে । সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে পৰিচালক ৰাজকুমাৰ হিৰানীৰ পৰিচালিত ডাংকিৰ বাবে । ইফালে ডাংকিৰ অগ্ৰিম বুকিঙৰ সন্দৰ্ভত এটা ডাঙৰ আপডেট আহিছে । বিদেশত আৰম্ভ হৈছে ছবিখনৰ অগ্ৰিম বুকিং ।

Dunki Advance Booking open in overseas SRK movie to release on 21 dec 2023 worldwide
শ্বাহৰুখ খান ডাংকি এডভান্স বুকিং

চিটাৰা ডেস্ক, ৭ ডিচেম্বৰ: হিন্দী চিনেমাৰ মেগা ছুপাৰষ্টাৰ শ্বাহৰুখ খানক কোনো সুকীয়া পৰিচয়ৰ প্ৰয়োজন নাই । নিজৰ উৎকৃষ্ট অভিনয়ৰে এই বৰ্ষত শ্বাহৰুখে দিছে ‘পাঠান আৰু জৱান’ৰ দৰে মেগা ব্লকবাষ্টাৰ ছবি । বৰ্তমান ‘ডাংকি’ ছবিখনৰ বাবে ধাৰাবাহিকভাৱে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে কিং খানে । ইয়াৰ মাজতে এতিয়া ছবিখনৰ সন্দৰ্ভত আহিছে এটা আপডেট ৷ দৰাচলতে বিদেশত এই ছবিখনৰ টিকট বিক্ৰীৰ সৈতে জড়িত এটা ডাঙৰ আপডেট ওলাইছে ।

বিদেশত আৰম্ভ হ’ল ‘ডাংকি’ৰ অগ্ৰিম বুকিং

যোৱা ৫ ডিচেম্বৰত মুক্তি পালে শ্বাহৰুখ খান অভিনীত ছবি ‘ডাংকি’ৰ জোৰদাৰ ট্ৰেইলাৰ । ছবিখনৰ ট্ৰেইলাৰটো চোৱাৰ পিচতে এই ছবিখনৰ বাবে অনুৰাগীৰ উচাহ আৰু তিনি গুণে বৃদ্ধি পাইছে । যাৰ বাবে ‘ডাংকি’ মুক্তিৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে ।

ইফালে যশ ৰাজ ফিল্মছে নিজৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত ‘ডাংকি’ৰ অগ্ৰিম বুকিং সম্পৰ্কীয় আপডেট শ্বেয়াৰ কৰিছে । যশ ৰাজ ফিল্মছৰ তথ্য অনুসৰি বিদেশত ‘ডাংকি’ৰ অগ্ৰিম বুকিং আৰম্ভ হৈছে ।

যশ ৰাজ ফিল্মছে আজি অৰ্থাৎ ৭ ডিচেম্বৰৰ পৰা বিদেশত শ্বাহৰুখ খানৰ এই ছবিখনৰ টিকট বিক্ৰী আৰম্ভ কৰিছে । উল্লেখ্য যে, এই অগ্ৰিম বুকিঙৰ জৰিয়তে পৰিচালক ৰাজকুমাৰ হিৰানীৰ ‘ডাংকি’ মুক্তিৰ পিচতে বিশ্বব্যাপী ব্যাপক ধন উপাৰ্জন কৰিব বুলি আশা কৰা হৈছে । ইফালে বিশ্বজুৰি এই ছবিখন ২১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাব ।

ভাৰতত কেতিয়াৰ পৰা আৰম্ভ হ’ব ‘ডাংকি’ৰ অগ্ৰিম বুকিং

বিদেশত শ্বাহৰুখ খানৰ ‘ডাংকি’ৰ টিকটৰ অগ্ৰিম বুকিং খোলাৰ পিচত এতিয়া ভাৰতত ইয়াৰ মুকলিৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে । কিন্তু এতিয়ালৈকে ভাৰতত ‘ডাংকি’ৰ অগ্ৰিম বুকিং সন্দৰ্ভত নিৰ্মাতাই কোনো আপডেট শ্বেয়াৰ কৰা নাই।

কিন্তু অনুমান কৰা হৈছে যে ‘ডাংকি’ৰ টিকটৰ আগতীয়া বুকিং ভাৰতত মুক্তিৰ এসপ্তাহ আগতে অৰ্থাৎ ১৪ ডিচেম্বৰত আৰম্ভ কৰিব পাৰে । কিন্তু এই বিষয়ে কোনো আনুষ্ঠানিক নিশ্চিতকৰণ এতিয়ালৈকে দিয়া নাই নিৰ্মাতাই ৷

লগতে পঢ়ক:এনিমেল চাই মাতৃ প্ৰকাশ কৌৰে ববি দেওলক এনেধৰণৰ ছবি নকৰিবলৈ কয়, কিন্তু কিয় ?

ABOUT THE AUTHOR

...view details