চিটাৰা ডেস্ক, 31 জুলাই: মুক্তিৰ বাবে সাজু হৈছে আয়ুষ্মান খুৰানাৰ আগন্তুক ছবি ড্ৰিম গাৰ্ল 2 । ইফালে আজি মুক্তি পাইছে ছবিখনৰ টিজাৰ ৷ ইতিমধ্যেই Dream Girl 2 ৰ বহু প্ৰচাৰমূলক ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুক্তি পাইছে ৷ প্ৰচাৰমূলক ভিডিঅ’সমূহত পূজা নামৰ ছোৱালী এজনীয়ে কেতিয়াবা যদি পাঠান শ্বাহৰুখ খানৰ লগত আকৌ কেতিয়াবা ভাইজান ছলমান খানৰ লগত ফ্লাৰ্ট কৰা দেখা পোৱা গৈছিল ।
অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ
আয়ুষ্মান খুৰানাৰ ড্ৰিম গাৰ্ল 2 ছবিখনকলৈ বহুদিনৰে পৰা অপেক্ষা কৰি আছিল অনুৰাগীসকলে । একে সময়তে এতিয়া ছবিখনৰ টিজাৰ (31 জুলাই) মুক্তি লাভ কৰিছে । ইয়াৰ লগতে ড্ৰিম গাৰ্ল 2 ৰ ট্ৰেইলাৰ মুক্তিৰ বিষয়েও তথ্য শ্বেয়াৰ কৰিছে ৷
মুকলি হ’ল টিজাৰ
আজি মুকলি হ’ল টিজাৰ ৷ অৱশ্যে ছবিখনৰ সৈতে জড়িত বিশেষ তথ্য ড্ৰিম গাৰ্ল 2 ৰ টিজাৰত দিয়া হোৱা নাই । ভিডিঅ’টোত পূজাক ৰঙা শাৰী পৰিধান কৰি খোজ দিয়া দেখা গৈছে। এই ছবিখন 2019 চনত অহা ড্ৰিম গাৰ্লৰ ছিকুৱেল । প্ৰথম খণ্ডত আয়ুষ্মান খুৰানাৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল নুছৰত ভাৰুচাই । বক্স অফিচত হিট হৈছিল ছবিখন।