অসম

assam

ETV Bharat / entertainment

Dr. Bezbaruah 2: মুক্তিৰ পূৰ্বেই প্ৰি বুকিঙেৰে ৰেকৰ্ড কৰা ডক্তৰ বেজবৰুৱা 2 ই ভংগ কৰিলে বক্স অফিচ ৰেকৰ্ড - Dr Bezbaruah 2 box office collection

3 ফেব্ৰুৱাৰীত মুক্তিলাভ কৰা ডক্তৰ বেজবৰুৱা 2 য়ে গঢ়িলে অভিলেখ ৷ চলচ্চিত্ৰ প্ৰেমী দৰ্শকৰ সঁহাৰিত ছবিখনে ভাঙিলে পূৰ্বৰ বক্স অফিচ ৰেকৰ্ড ৷

Dr. Bezbaruah 2
ডক্তৰ বেজবৰুৱা 2 য়ে ভংগ কৰিলে বক্স অফিচ ৰেকৰ্ড

By

Published : Feb 4, 2023, 7:42 PM IST

চিটাৰা ডেস্ক, 4 ফেব্ৰুৱাৰী : অসমৰ ছবিজগতৰ প্ৰবীণ অভিনেতা নিপন গোস্বামীৰ শেষৰখন ছবি ডক্তৰ বেজবৰুৱা 2 য়ে গঢ়িলে অভিলেখ ৷ 3 ফেব্ৰুৱাৰীত অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত মুক্তি লাভ কৰা ছবিখনে দৰ্শকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ ছবিখনলৈ দৰ্শকৰ সঁহাৰি দেখি ক’ব পাৰি যে সকলোৱে আশা কৰি থকা দিনটো যেন অৱশেষত আহিল ৷ অসমীয়া ছবি জগতৰ পুৰণি সোণালী দিন ঘূৰি আহিল ৷ মুক্তিৰ পূৰ্বেই প্ৰি-বুকিঙেৰে ৰেকৰ্ড কৰিছে এই ছবিখনে ৷

ডক্তৰ বেজবৰুৱা 2 ই ভংগ কৰিলে অসমীয়া চিনেমাৰ বক্স অফিচ ৰেকৰ্ড । ভংগ কৰিলে যতীন বৰা অভিনীত ৰত্নাকৰৰ অভিলেখ । ডক্তৰ বেজবৰুৱা 2 য়ে মুক্তিৰ প্ৰথমটো দিনতে উপাৰ্জন কৰিলে 41.2 লাখ টকা । তাৰ বিপৰীতে 2019 চনৰ 11 অক্টোবৰত মুক্তিলাভ কৰা 'ৰত্নাকৰ'ৰ উপাৰ্জন আছিল এনেধৰণৰ-

প্ৰথমদিন (শুকুৰবাৰ) 41 লাখ

দ্বিতীয়দিন (শনিবাৰ) 49.5 লাখ

তৃতীয়দিন (দেওবাৰ) 55 লাখ

চতুৰ্থদিন (সোমবাৰ) 43 লাখ

পঞ্চমদিন (মংগলবাৰ) 45 লাখ

ষষ্ঠদিন (বুধবাৰ) 42 লাখ

সপ্তমদিন (বৃহস্পতিবাৰ) 43.5 লাখ

অসমৰ বাহিৰে অন্যান্য ৰাজ্যত 12 লাখ টকা

সপ্তাহটোত সৰ্বমুঠ আয় 3.31 কোটি টকা

ABOUT THE AUTHOR

...view details