চিটাৰা ডেস্ক, 8 জানুৱাৰী:শেহতীয়াকৈ লাক্ষাদ্বীপ ভ্ৰমণৰ কিছু ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে ফটোকেইখন শ্বেয়াৰ কৰাৰ পিচতে লাক্ষাদ্বীপ আৰু মালদ্বীপৰ মাজত পৰ্যটনৰ বাবে কোনখন দেশ ভাল তাকে ছ’চিয়েল মিডিয়াত আৰম্ভ হয় বিতৰ্কৰ । কিন্তু কেনেকৈ আৰম্ভ হয় এই বিতৰ্ক ? দৰাচলতে এই বিতৰ্কৰ সূত্ৰপাত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে যেতিয়া লাক্ষাদ্বীপৰ ফটো শ্বেয়াৰ কৰে ৷ মোদীয়ে লাক্ষাদ্বীপৰ ফটো শ্বেয়াৰ কৰাৰ পাচতে মালদ্বীপৰ নেতাসকলে মোদীক লৈ বিতৰ্কিত মন্তব্য কৰে । তেওঁলোকে কয় যে মালদ্বীপৰ সৈতে লাক্ষাদ্বীপৰ কোনো তুলনা নাই আৰু ভাৰতৰ হোটেলসমূহ অস্বাস্থ্যকৰ হয়, সেয়েহে ভ্ৰমণকাৰীক মালদ্বীপৰ দৰে সুবিধা লাক্ষাদ্বীপে প্ৰদান কৰিব নোৱাৰিব ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত ভাৰতীয় নাগৰিকে আৰম্ভ কৰে 'Boycott Maldives ট্ৰেণ্ড ৷
এতিয়া ৰাজনীতিবিদৰ পৰা আৰম্ভ কৰি বলীউডৰ ডাঙৰ তাৰকালৈকে সকলোৱে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । লগতে সকলোৱে ভাৰতক ভ্ৰমণৰ বাবে এক উত্তম ঠাই বুলি অভিহিত কৰে । এই ক্ৰমত এতিয়া বলীউডৰ শ্বাহেনশ্বাহ অৰ্থাৎ অমিতাভ বচ্চনে লাক্ষাদ্বীপক সমৰ্থন কৰাৰ সমান্তৰালকৈ মালদ্বীপক উপযুক্ত উত্তৰ দিয়ে । ইয়াৰ সমান্তৰালকৈ তেওঁ লক্ষদ্বীপলৈ যোৱাৰ কথাও ছ’চিয়েল মিডিয়াত জনায় ।
বিগ বিয়ে মালদ্বীপক দিলে প্ৰত্যুত্তৰ