চিটাৰা ডেস্ক, 15 ডিচেম্বৰ :মনোৰঞ্জন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ । টেনচন বা আন কিবা কাৰণত বেয়া হৈ থকা মনটোক মনোৰঞ্জনেই সতেজ কৰি তোলে । মনোৰঞ্জন বুলি ক’লেই চলচ্চিত্ৰ আৰু টিভিৰ কথাই মনলৈ আহে সকলোৰে ।কেতিয়াবা ভাবি চাইছেনে প্ৰতিটো চলচ্চিত্ৰ উদ্যোগৰ নামৰ শেষত Wood কিয় লাগে !
আমি আপোনালোকক জনাম এই Wood ব্যৱহাৰৰ আঁৰৰ ৰহস্য ৷ হলীউডৰ লগতে দেশৰ (ভাৰত) বিভিন্ন প্ৰান্তত অৱস্থিত বলীউড, টলীউড সকলো চলচ্চিত্ৰ উদ্যোগতে উড প্ৰয়োগ কৰাৰ আঁৰৰ যুক্তি কি ? কানাড়া ছবিজগত Sandalwood, তেলুগু চিনেমা জগত Tollywood আৰু তামিল চিনেমা জগত Kollywood হিচাপে জনাজাত । এই সকলোবোৰৰে প্ৰত্যক্ষ সম্পৰ্ক আছে হলীউডৰ সৈতে ।
হলীউড: হলউড নামটো আৰম্ভ কৰিছিল এইচ জে হুইটলীয়ে । সেইবাবেই তেওঁক ‘হলীউডৰ পিতৃ’ বুলি কোৱা হয় । হলীউড এখন সৰু ঠাই আছিল ৷ আমেৰিকান চলচ্চিত্ৰ উদ্যোগৰ নাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছ জিলাৰ হলীউড জিলাৰ নামেৰে ৰখা হৈছিল । হলীউডক লছ এঞ্জেলছ চহৰত একত্ৰিত কৰা হৈছিল ।
মন কৰিব লগীয়া কথাটো হ’ল যে হলীউডৰ পৰা অনুপ্ৰাণিত হৈ আন চলচ্চিত্ৰ উদ্যোগসমূহেও নিজৰ নিজৰ নাম ৰাখিছিল, যেনে বলীউড, টলীউড, কলীউড, ললীউড, সেণ্ডেলউড ইত্যাদি । দেশৰ বিভিন্ন চলচ্চিত্ৰ উদ্যোগৰ নাম চাওঁ আহক ।
বলীউড: মুম্বাই (পূৰ্বে বোম্বাই) হিন্দী চিনেমাৰ মূল ভেঁটি বুলি কোৱা হয় ৷ হিন্দী চিনেমা উদ্যোগটোক সেইবাবেই ‘বলীউড’ নামেৰে নামাকৰণ কৰা হৈছিল ।