চিটাৰা ডেস্ক, 8 নৱেম্বৰ :বলীউডৰ অভিনেত্ৰী দিশা পাটানী চলচ্চিত্ৰ জগতত নিজৰ ফিগাৰ আৰু সৌন্দৰ্য্যৰ বাবে বিখ্যাত । বহু সময় ধৰি অভিনেতা টাইগাৰ শ্ৰফৰ সৈতে প্ৰেমৰ বাতৰিৰে শিৰোনাম দখল কৰি আছিল । পিছে এতিয়া টাইগাৰ আৰু দিশাৰ বাট বেলেগ বেলেগ । অলপতে দিশা আৰু টাইগাৰে নিজৰ সম্পৰ্ক শেষ কৰিছে (Disha Patani boyfriend) ৷
এতিয়া দিশা পাটানী পুনৰ চৰ্চালৈ আহিছে । দৰাচলতে যোৱা নিশা অভিনেত্ৰী গৰাকীক এজন ব্যক্তিৰ সৈতে ডিনাৰ ডেটলৈ যোৱা অৱস্থাত পৰিলক্ষিত কৰা হয় ৷ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এতিয়া এই ব্যক্তিজন আৰু দিশাৰ সম্পৰ্ক সন্দৰ্ভত নানা আলোচনা কৰিছে ৷ সকলোৱে জানিবলৈ আগ্ৰহী হৈ পৰিছে টাইগাৰৰ পিছত এইজনৰ আগমণ ঘটিল নেকি দিশাৰ জীৱনত !
মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ পৰা ওলাই অহাৰ সময়ত দিশাক এই ৰহস্যময়ী মানুহজনৰ সৈতে দেখা গৈছিল । এটা গ্লেমাৰাছ লুকত সকলোকে আকৰ্ষণ কৰিছিল দিশাই (Disha Patani latest pics) । ডিনাৰ ডেটত দিশাক মেৰুণ ৰঙৰ লেচি ব্ৰেলেট আৰু বেল বটম জিন্স পিন্ধি থকা দেখা গৈছিল ।