অসম

assam

Director Ram Gopal Varma: ৩৭ বছৰৰ পাচত বি টেক ডিগ্ৰী লাভ কৰিলে পৰিচালক ৰাম গোপাল বাৰ্মাই

By

Published : Mar 16, 2023, 8:50 PM IST

৩৭ বছৰৰ পাচত বি টেক ডিগ্ৰী লাভ কৰি উৎফুল্লিত যশস্বী চলচ্চিত্ৰ নিৰ্মাতা ৰাম গোপাল বাৰ্মা ৷ অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ আচাৰ্য নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ পৰা বি টেক সম্পূৰ্ণ কৰাৰ ৩৭ বছৰৰ পাচত অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰে (Director Ram Gopal Varma)।

Director Ram Gopal Varma receives B tech degree after 37 years
বি টেক ডিগ্ৰী লাভ কৰিলে পৰিচালক ৰাম গোপাল বাৰ্মাই

চিটাৰা ডেস্ক, ১৬ মাৰ্চ: সম্প্ৰতি ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত চৰ্চা লাভ কৰিছে এটা বিষয়ে ৷ সুপৰিচিত পৰিচালক ৰাম গোপাল বাৰ্মা বৰ্তমান ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ আছে (Director Ram Gopal Varma) ৷ আপুনি হয়তো ভাবিছে তেওঁ নিজে পৰিচালনা কৰা কোনো এখন ছবিৰ কাৰণে হয়তো চৰ্চিত হৈ আছে ছ’চিয়েল মিডিয়াত ৷ কিন্তু কোনো ছবিৰ বাবে নহয়, অন্য কাৰণত হে চৰ্চিত হৈ আছে পৰিচালকগৰাকী (Filmmaker Ram Gopal Varma) ৷

এতিয়া আহিছো ঘটনাৰ মূল বিৱৰণীলৈ, অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ আচাৰ্য নাগাৰ্জুন বিশ্ববিদ্যালয়ৰ পৰা বি টেকৰ ডিগ্ৰী লাভ কৰে যশস্বী পৰিচালক ৰাম গোপাল বাৰ্মাই । পিছে এয়া চৰ্চাৰ বিষয়ে কেনেকৈ হ’ব পাৰে বাৰু (Ram Gopal Varma receives B tech degree) ৷ কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব যে ৩৭ বছৰ পিচত হে লাভ কৰিছে এই ডিগ্ৰী ৷ আৰ জি ভি নামেৰে পৰিচিত পৰিচালকগৰাকীয়ে নিজৰ টুইটাৰ একাউন্টত ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰ ছবি পোষ্ট কৰে আৰু ৫৮ লাখ অনুৰাগীৰ সৈতে আনন্দ প্ৰকাশ কৰে (Receives B tech degree after 37 years)।

৩৭ বছৰৰ পাচত বি টেক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ লাভ কৰি পৰিচালকগৰাকী ছুপাৰ এক্সাইটেড বুলিও উল্লেখ কৰি বিশ্ববিদ্যালয়খনক ধন্যবাদ জনায় (Acharya Nagarjuna University) । টুইটত তেওঁ কয়, "উত্তীৰ্ণ হোৱাৰ ৩৭ বছৰৰ পিচত আজি মই বি টেক ডিগ্ৰী লাভ কৰি ছুপাৰ থ্ৰিল্ড, যিটো মই ১৯৮৫ চনত কেতিয়াও লোৱা নাছিলো যিহেতু মই চিভিল ইঞ্জিনিয়াৰিঙৰ অনুশীলন কৰিবলৈ আগ্ৰহী নাছিলো, ধন্যবাদ ৷ #AcharyaNagarjunaUniversity Mmmmmmuuaahh (sic)।" উল্লেখ্য যে, ১৯৮৫ চনৰ জুলাই মাহত বি টেক (চিভিল ইঞ্জিনিয়াৰিং) পৰীক্ষাত দ্বিতীয় শ্ৰেণীৰ গ্ৰেড লাভ কৰি পৰিচালকগৰাকী উত্তীৰ্ণ হয়।

পোষ্টটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, "গ্ৰেট.. আমি চিভিল ইঞ্জিনিয়াৰসকলে চাৰ্টিফিকেটৰ বাবে আমনি নকৰো । আমি মাত্ৰ পৃথিৱীখন গঢ়ি তোলোঁ...কিন্তু মই মোৰ চিভিল ইঞ্জিনিয়াৰৰ চাৰ্টিফিকেট সম্পূৰ্ণ হোৱাৰ লগে লগে সংগ্ৰহ কৰিলোঁ । " আন এজন ব্য়ৱসাৰকাৰীয়ে লিখিছে, "চিভিল ইঞ্জিনিয়াৰিং ! সেই কাৰণেই আপুনি আপোনাৰ আগৰ কিছুমান ছবিত - নিৰ্মাণৰ অধীনত থকা বিল্ডিং/ষ্ট্ৰাকচাৰৰ দৰে স্থান ব্যৱহাৰ কৰিছিল ৷ "

উল্লেখ্য যে, আৰ জি ভিয়ে বিশ্ববিদ্যালয়খনৰ অধ্যাপকসকলৰ সৈতে কেইখনমান ছবিও নিজৰ টুইটাৰ হেণ্ডেলত পোষ্ট কৰে। বাৰ্মাই তেলেগু ছবিত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে য’ত ১৯৮৯ চনত তেওঁৰ প্ৰথম ছবি শিৱৰ জৰিয়তে উল্লেখযোগ্য প্ৰভাৱ পেলায় । হিন্দী ছবিত প্ৰথম বিগ হিট আছিল আমিৰ খান আৰু উৰ্মিলা মাটোণ্ডকাৰৰ অভিনীত জনপ্ৰিয় ৰোমান্টিক নাটক ৰংগীলা । সত্য, চৰকাৰ, চৰকাৰ ৰাজ, কোম্পানী, ৰংগীলা, নিশব্দ, আগ, বিভাগ, আৰু নাচ আদি বহু ছবিৰ পৰিচালনা কৰিছিল ৰাম গোপাল বৰ্মাই ।

লগতে পঢ়ক:Lawrence threatened Salman Khan : ছলমান খানৰ সলনি শ্বাহৰুখ খানক হত্যা কৰিলোহেঁতেন - লৰেন্স বিষ্ণই

ABOUT THE AUTHOR

...view details