চিটাৰা ডেস্ক, 11 এপ্ৰিল: ইয়ে জৱানী হে দিৱানীৰ পৰিচালক অয়ন মুখাৰ্জীৰ নতুন ছবি ব্ৰহ্মাস্ত্ৰৰ চৰ্চা এতিয়া সৰ্বত্ৰে ৷ দেওবাৰে অয়নে মুকলি কৰিলে ছবিখনৰ এখন নতুন পোষ্টাৰ ৷ শীঘ্ৰেই বিবাহ পাশত আৱদ্ধ হ’ব লগীয়া ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ এইখন প্ৰথম ছবি (Ranbir Alia first movie) ।
পোষ্টাৰখনৰ সৈতে ছবিখনৰ এটা গান 'কেশৰিয়া' আভাসো দিলে অয়নে (Brahmastra movie songs)। পৰিচালকজনে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰে এই নতুন পোষ্টাৰখন । অয়ন মুখাৰ্জীৰ প্ৰায় 8 বছৰীয়া এটা দীৰ্ঘকালীন প্ৰকল্প এই ছবিখন (Ayan Mukerji Brahmastra ) ৷ প্ৰেমৰ শক্তিক এক অন্য ধৰণে দৰ্শকৰ ওচৰলৈ লৈ যাব পৰিচালক গৰাকীয়ে ৷