অসম

assam

Dipika Kakar: বিবাহৰ ৫ বছৰৰ পিচত মাতৃ হ’ল অভিনেত্ৰী দীপিকা কক্কৰ

By

Published : Jun 21, 2023, 2:15 PM IST

দীপিকা কক্কৰ আৰু শ্বোয়াইব ইব্ৰাহিমে অনুৰাগীক দিলে এটা ভাল খবৰ ৷ এটি পুত্ৰ সন্তান জন্ম দিয়ে দীপিকা কক্কৰে ৷ এই খবৰৰ লগে লগেই অনুৰাগীৰ মাজত উঠিছে সুখৰ জোৱাৰ ।

Dipika Kakar, Shoaib Ibrahim welcome their first child, it's a baby boy
মাতৃ হ’ল দীপিকা কক্কৰ

চিটাৰা ডেস্ক, 21 জুন: মনোৰঞ্জনৰ জগতৰ পৰা আকৌ আহিছে আন এটা ভাল খবৰ । দক্ষিণ ছুপাৰষ্টাৰ ৰাম চৰণৰ পত্নী উপাসনাই জন্ম দিয়ে এটি কন্যা সন্তান । ৰাম চৰণ আৰু উপাসনা বিবাহৰ ১১ বছৰৰ পাচত পিতৃ-মাতৃ হয় ৷ টেলিভিছনৰ অন্যতম জনপ্ৰিয় দম্পতী শ্বোয়াইব ইব্ৰাহিম আৰু দীপিকা কক্কৰেও অনুৰাগীক দিলে এটা ভাল খবৰ ৷ পিতৃ-মাতৃ হ’ল শ্বোৱেইব ইব্ৰাহিম আৰু দীপিকা কাক্কৰ । ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ শ্বোয়াইবে শ্বেয়াৰ কৰিছে এই খবৰ ৷ অভিনেতাগৰাকীয়ে কয় যে তেওঁৰ পত্নীয়ে জন্ম দিছে এটি পুত্ৰ সন্তান ।

এই খবৰটো শ্বেয়াৰ কৰাৰ পিচত অনুৰাগীৰ মাজত বৈছে আনন্দৰ বন্যা আৰু ছ’চিয়েল মিডিয়াত শ্বোৱেইব ইব্ৰাহিম আৰু দীপিকা কক্কৰক অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে । ২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা শ্বোৱেইব ইব্ৰাহিম আৰু দীপিকা কাক্কৰে ছ’চিয়েল মিডিয়াত অন্তঃসত্বা হোৱাৰ কথা ঘোষণা কৰিছিল । তাৰ পিচৰে পৰা এই সুখবৰৰ বাবে অপেক্ষা কৰি আছিল অনুৰাগীসকল ৷ অৱশেষত আজি (২১ জুন) আহিল সেই সুখবৰটো ৷ উল্লেখ্য যে, ২০ জুনত শ্বোয়াইবে নিজৰ ৩৮ সংখ্যক জন্মদিন উদযাপন কৰিছিল।

শ্বোয়াইবে তেওঁৰ জন্মদিন উদযাপনৰ ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি অনুৰাগীসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছিল । একে সময়তে অনুৰাগীসকলে এতিয়া দুয়োকে অভিনন্দন জ্ঞাপন কৰিছে । কেৱল অনুৰাগীয়েই নহয়, বহু চেলিব্ৰিটিয়েও অভিনন্দন জ্ঞাপন কৰিছে দুয়োকে ৷

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে পিতৃ-মাতৃ হৈছে শ্বোয়াইব ইব্ৰাহিম আৰু দীপিকা কক্কৰ । বিবাহৰ পাঁচ বছৰৰ পাচত পিতৃ-মাতৃ হোৱাৰ সুখ লাভ কৰে ৷ দীপিকা কক্কৰ এগৰাকী সুপৰিচিত টিভি অভিনেত্ৰী। প্ৰথম স্বামী ৰাউনাক মেহতাৰ (২০১১-১৫) সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিচত ২০১৮ চনত দীপিকাই শ্বোয়াইবৰ সৈতে বিবাহপাশত আবদ্ধ হয় ।

লগতে পঢ়ক:Manoj Bajpayee Gets Less Fees: ‘দ্য ফেমিলি মেন’ৰ বাবে শ্বাহৰুখ-ছলমানৰ সমান মাচুল লৈছিল নেকি মনোজ বাজপেয়ীয়ে ?

লগতে পঢ়ক:Manoj Muntashir: মনোজ মুন্টাশ্বিৰৰ আন এক বিস্ফোৰক মন্তব্য, ক্ষুব্ধ ব্যৱহাৰকাৰীয়ে ক’লে - মনে মনে থাকক, এতিয়াও সময় আছে

ABOUT THE AUTHOR

...view details