চিটাৰা ডেস্ক, 6 আগষ্ট: টিভিৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা ককৰক আজি কোনে চিনি নাপায় । দীপিকাই বহু টিভি ধাৰাবাহিকত অভিনয় কৰিছে, যদিও শশুৰাল সিমৰকা ধাৰাবাহিকখনৰ পৰা সিমাৰ নামেৰে প্ৰতি ঘৰে ঘৰে পৰিচিত হৈ পৰিছিল ৷ অৱশ্যে বৰ্তমান সময়ত নিজৰ ব্যক্তিগত জীৱনৰ বাবে অভিনেত্ৰীগৰাকীয়ে অভিনয় জগতৰ পৰা ব্ৰেক লৈছে আৰু পৰিয়ালক পূৰ্ণ সময় দি আছে ৷ কিন্তু আপুনি জানেনে যে এই সফলতাৰ যাত্ৰাত দীপিকাৰ লগত বহু ঘটনা সংঘটিত হৈছে আৰু তাৰে এটা ঘটনা আজি আমি এই প্ৰতিবেদনত উল্লেখ কৰিম ৷
এচিড আক্ৰমণৰ ভাবুকি লাভ কৰিছিল দীপিকাই
আচলতে দীপিকা ককৰে যেতিয়া ‘বিগ বছ ১২’ৰ ট্ৰফী লাভ কৰিছিল সেই সময়ৰ কথা এয়া ৷ এই ট্ৰফীখনেই এসময়ত কাল হৈ পৰিছিল অভিনেত্ৰীগৰাকীৰ বাবে ৷ হয়... বিগ বছৰ বিজয়ী হোৱাৰ পিচত তেওঁ বহুত ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছিল । আনকি বহু লোকে অভিনেত্ৰীগৰাকীক ভাবুকি দিবলৈও আৰম্ভ কৰিছিল ।
আনকি এজন ব্যৱহাৰকাৰীয়ে ছ’চিয়েল মিডিয়াত দীপিকা ককৰক এচিড আক্ৰমণৰো ভাবুকি প্ৰদান কৰিছিল ৷ ব্যক্তিজনে কৈছিল, ‘‘মই মুম্বাইত আছোঁ । আপোনাক দেখা পালে এচিড এটেক কৰিম ৷’’ এই ভাবুকিৰ পিচত অভিনেত্ৰীগৰাকীয়েও এজাহাৰ দাখিল কৰিছিল আৰক্ষী থানাত আৰু ইয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছিল যদিও ভাবুকি দিয়া ব্যক্তিজনে ভুৱা আইডিৰেহে মন্তব্য কৰিছিল ।
অভিনয়ৰ বাবে এৰিছিল নিজৰ কেৰিয়াৰ