চিটাৰা ডেস্ক, ৮ জুন: আজি অভিনেত্ৰী ডিম্পল কাপাড়িয়াৰ জন্মদিন ৷ অভিনেত্ৰীগৰাকীয়ে আজি ৬৬ বছৰ সম্পূৰ্ণ কৰিলে যদিও আজিও ছবি আৰু ৱেব ছিৰিজত উজ্জ্বল অভিনয়ৰ বাবে শিৰোনামত আছে (Dimple kapadia age)। ১৯৫৭ চনৰ ৮ জুনত গুজৰাটী ব্যৱসায়ীৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল ডিম্পল কাপাড়িয়া । শৈশৱৰ পৰাই ডিম্পলে অভিনয় জগতত কেৰিয়াৰ গঢ়িব বিচাৰিছিল ৷ ৰাজেশ খান্নাৰ ছবি চাই ডাঙৰ হোৱা ডিম্পলে অভিনেতাজনৰ প্ৰেমত পৰিছিল । আনকি ডিম্পলে ৰাজেশ খান্নাক অনুৰাগী হিচাপে কেইবাবাৰো ফোন কৰিছিল (Dimple Kapadia Birthday)।
ডিম্পল কাপাড়িয়াক সেই সময়ত বয়সতকৈ অধিক ডাঙৰ যেন লাগিছিল ৷ হয়তো আপুনি নাজানে যে ‘ববি’ ছবিখনৰ প্ৰথম ৰাউণ্ডৰ অডিচনত ডিম্পলক নাকচ কৰা হৈছিল (Dimple Kapadia Movies )। কাৰণ সেইসময়ত ২১ বছৰীয়া ঋষি কাপুৰতকৈ ডাঙৰ যেন লাগিছিল ডিম্পলক । অৱশ্যে পুনৰ অডিচনত ৰাজ কাপুৰে অভিনেত্ৰীগৰাকীক বাছনি কৰে আৰু এইদৰে ১৫ বছৰ বয়সত তেওঁ প্ৰথমখন ছবি ‘ববী’ৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে ।
ববি ছবিখনত ডিম্পল কাপাড়িয়াৰ চমৎকাৰী অভিনয় আৰু আচৰিত ফেশ্বন চেন্স হৈ পৰিল ডিম্পলৰ সফলতাৰ ৰহস্য। এই ছবিখনত পলকা ডটৰ সাজ আৰু বিকিনিৰ দৃশ্যই যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷ ছবিখনৰ সমান্তৰালকৈ ডিম্পল আৰু ঋষি কাপুৰৰ বিষয়েও আলোচনা হ’বলৈ ধৰিলে । দুয়োকে প্ৰায়ে একেলগে দেখা গৈছিল (Dimple Kapadia first film bobby) ।
উল্লেখনীয় যে, ববীৰ শ্বুটিঙৰ সময়তে ডিম্পলে তেওঁৰ শৈশৱৰ ক্ৰাছ ৰাজেশ খান্নাক লগ পাইছিল । ইফালে প্ৰথম সাক্ষাততে ডিম্পলক ভাল পাইছিল ৰাজেশ খান্নাই । সেয়াহে অভিনেতাগৰাকীয়ে পলম নকৰাকৈ অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ লোকৰ সৈতে কথা পাতিলে আৰু তেওঁলোকৰ সন্মুখত এটা চৰ্ত ৰাখে। চৰ্তটো আছিল যে ৰাজেশ খান্নাই এসপ্তাহৰ ভিতৰত ডিম্পলক বিয়া কৰাব বিচাৰিছিল । কথা মতেই কাম ৷ ১৯৭৩ চনৰ ২৭ মাৰ্চত ছুপাৰষ্টাৰ ৰাজেশ খান্নাৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ডিম্পল (Dimple kapadia Rajesh khanna) । সেই সময়ত ৰাজেশ খান্নাৰ বয়স আছিল ৩১ আৰু ডিম্পলৰ বয়স আছিল মাত্ৰ ১৬ বছৰ।