চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ: শ্বেহনাজ গিল আৰু দিলজিৎ দোসাঞ্জৰ যুটি পাঞ্জাবী ছবি জগতত হিট বুলি ইতিমধ্যেই পৰিগণিত হৈছে । পূৰ্বৰ ছবি ‘হছলা ৰাখ’ত শ্বেহনাজ আৰু দিলজিতৰ সৈতে সোণম বাজৱাৰ কেমিষ্ট্ৰীক অতিশয় প্ৰশংসা কৰিছিল দৰ্শকে । এতিয়া আকৌ এবাৰ এই তিনি যুটী আন এখন নতুন ছবিৰ সৈতে উভতি আহিছে ডাঙৰ পৰ্দালৈ ।
শ্বেহনাজ গিল, সোনম বাজৱা আৰু দিলজিৎ দোসাঞ্জৰ অভিনীত ছবি ‘ৰান্না চা ধান্না’ ২০২০ চনত ঘোষণা কৰা হৈছিল যদিও কৰ’না মহামাৰীৰ বাবে ছবিখন পিছুৱাই দিয়া হৈছিল । এই ছবিখন পিছুৱাই দিয়াৰ পিচত সোনম, শ্বেহনাজ আৰু দিলজিতে একেলগে ‘হছলা ৰাখ’ত কাম কৰিলে আৰু সৌভাগ্যক্ৰমে ছবিখন ভালকৈ চলিল। এতিয়া অৱশেষত 'ৰান্না চা ধান্না'ৰ পোষ্টাৰখনো মুকলি হৈছে।
শ্বেহনাজ গিলে তেওঁৰ আগন্তুক ছবিৰ পোষ্টাৰ শ্বেয়াৰ কৰিছে
শ্বেহনাজ গিলে তেওঁৰ আগন্তুক ছবি ‘ৰান্না চা ধান্না’ৰ নতুন পোষ্টাৰ ছ’চিয়েল মিডিয়াত মুকলি কৰিছে । ইয়াৰ লগতে ছবিখনৰ মুক্তিৰ তাৰিখো ঘোষণা কৰিছে । এই এনিমেটেড পোষ্টাৰখনত দৰা দিলজিৎ দোসাঞ্জৰ চাৰিওফালে বহু কইনা থিয় হৈ থকা দেখা গৈছে । তেওঁৰ কাষত সোনম বাজৱা আৰু শ্বেহনাজ গিলকো কইনা অৱতাৰত দেখা পোৱা গৈছে ৷
কেতিয়া মুক্তি পাব ৰান্না চা ধান্না ছবি ?