চিটাৰা ডেস্ক, ২৫ ছেপ্টেম্বৰ:পৰিণীতি চোপ্ৰা আৰু আম আদমি পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ যোৱা ২৪ ছেপ্টেম্বৰত উদয়পুৰৰ ‘দ্য লীলা পেলেচ’ত ধুমধামেৰে বিবাহ হয় । ২৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা দুয়োৰে বিবাহ অনুষ্ঠানৰ অন্ত পৰে ২৪ ছেপ্টেম্বৰত অগ্নিক সাক্ষী কৰি সাত পাক ঘূৰাৰ পিচত ৷ পৰিয়াল আৰু ঘনিষ্ঠ লোকৰ উপস্থিতিত চিৰদিনৰ বাবে ইগৰাকীয়ে সিগৰাকীক নিজৰ কৰি লয় ৷
বিবাহৰ পাচত সকলোৱে পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাড্ডাৰ বিয়াৰ ফাৰ্ষ্ট লুক চাবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছিল আৰু এতিয়া শেষ হ’ল অপেক্ষা ৷ কিয়নো পৰিণীতিয়ে শ্বেয়াৰ কৰিছে তেওঁলোকৰ বিয়াৰ ফাৰ্ষ্ট লুক । বিয়াৰ কেইবাখনো ফটো শ্বেয়াৰ কৰিছে পৰিয়ে ৷ বিয়াৰ লুকটোৰ সৈতে মূৰত দীঘল ওৰণি পৰিধান কৰিছিল, য’ত লিখা আছিল এটা বিশেষ শব্দ ।
পৰিণীতিয়ে নিজৰ ওৰণিত লিখিলে এটা বিশেষ নাম
বিয়াত পৰিণীতি চোপ্ৰাই পৰিধান কৰিছিল পেষ্টেল ৰঙৰ লেহেংগা । অৱশ্যে অভিনেত্ৰীগৰাকীয়ে বিয়াৰ সাজৰ বাবে বাছি লৈছিল অতি কম মেকআপ ৷ এই লুকটোৰ লগতে মূৰত দীঘল ওৰণিও লৈছিল পৰিণীতিয়ে ৷