চিটাৰা ডেস্ক, 10 ছেপ্টেম্বৰ : দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুত সমগ্ৰ বিশ্বৰ মানুহে শোক প্ৰকাশ কৰিছে । ব্ৰিটেইনৰ আটাইতকৈ বেছি দিন কাৰ্যনিৰ্বাহ কৰা ৰাণী এলিজাবেথৰ মৃত্যুত বহু ৰাজনৈতিক নেতা, কূটনীতিবিদ, অভিনেতা-অভিনেত্ৰী আৰু আন আন চেলেব্ৰিটীয়ে শোক প্ৰকাশ কৰিছে ।
শিল্পা শেট্টীৰ পৰা আৰম্ভ কৰি বহু বলীউডৰ তাৰকাই ৰাণীৰ সৈতে ফটো আপলোড কৰি ছ’চিয়েল মিডিয়াত শোক প্ৰকাশ কৰে । বহু চেলেব্ৰিটীয়ে ৰাণীক বিভিন্ন ৰাজকীয় অনুষ্ঠান উপলক্ষে ৰাজপ্ৰসাদত বা জনসমাবেশত সাক্ষাৎ কৰাৰ সুযোগ পাইছিল ।
কিন্তু আপুনি জানেনে যে ৰাণীয়ে এবাৰ ভাৰতীয় ছবি এখনৰ ছেটলৈ গৈছিল ? শেহতীয়াকৈ দক্ষিণৰ মেগাষ্টাৰ কমল হাছানে প্ৰকাশ কৰিছে যে 1997 চনৰ 16 অক্টোবৰত এম জি আৰ ফিল্ম চিটিত ‘মাৰুধনয়াগম’ ছবিৰ উন্মোচনী অনুষ্ঠানত ৰাণীয়ে অংশগ্ৰহণ কৰিছিল (Queen Elizabeth II visited Kamal Haasan's film set) ।
কমল হাছানে লগতে কয় যে ৰাণীয়ে 20 মিনিট সময় ‘মাৰুধনয়াগম’ৰ ছেটত সময় অতিবাহিত কৰিছিল । সেইসময়ত তামিলনাডুৰ তদানীন্তন মুখ্যমন্ত্ৰী এম কৰুণানিধিয়ে ৰাণীক সহযোগিতা আগবঢ়াইছিল ।
কমল হাছানে কয়, "সত্তৰ বছৰ ধৰি ইংলেণ্ডৰ ৰাণী হৈ থকা দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুৰ খবৰ পাই মই দুখ পাইছো । তেওঁ কেৱল ব্ৰিটিছৰ নহয়, সমগ্ৰ বিশ্বৰ মানুহৰ মৰম লাভ কৰা ব্যক্তি আছিল ৷ আচলতে মই শ্বুট কৰা 'মাৰুধনয়াগম' ছবিখন আৰু সংলাপবোৰ তেওঁলোকৰ (ব্ৰিটিছৰ) বিৰুদ্ধে আছিল" ৷
তেওঁ লগতে কয়, "পঁচিশ বছৰ আগতে তেওঁ 'মাৰুধনায়গম' ছবিখনৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিবলৈ আমাৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল । এই উপলক্ষে আদৰণি জনাই আমাক সম্বৰ্ধনা জনাইছিল তেওঁ" ৷ কমল হাছানে লগতে কয় যে লণ্ডনত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানৰ সময়ত তেওঁ পুনৰ ৰাণীক লগ পাইছিল ।
লগতে পঢ়ক :দ্বিতীয় ৰাণী এলিজাবেথৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বলীউডৰ চেলেব্ৰিটীসকলে