অসম

assam

Janhvi Kapoors rumoured boyfriend: কোন হয় অভিনেত্ৰী জাহ্নৱী কাপুৰৰ প্ৰেমিক ?

By

Published : Mar 7, 2023, 10:53 AM IST

কোন হয় বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰৰ প্ৰেমিক ? কাক ডেট কৰি আছে জাহ্নৱী কাপুৰে ? জানিবলৈ পঢ়ক সম্পূৰ্ণ প্ৰতিবেদন (Janhvi Kapoor Boyfriend) ৷

Did Shikhar Pahariya just confirm his relationship with Janhvi Kapoor?
অভিনেত্ৰী জাহ্নৱী কাপুৰৰ প্ৰেমিক

চিটাৰা ডেস্ক, 7 মাৰ্চ: বলীউডৰ অভিনেত্ৰী জাহ্নৱী কাপুৰে শিখৰ পাহাৰিয়াক ডেট কৰি থকা বুলি শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে ৷ উৰাবাতৰি অনুসৰি জাহ্নৱী আৰু শিখৰে পূৰ্বে নিজৰ সম্পৰ্কৰ বিষয়ে সকলোৰে পৰা লুকুৱাই ৰাখিছিল যদিও সম্প্ৰতি নিজৰ সম্পৰ্ক ৰাজহুৱা কৰিবলৈ সাজু হৈছে দুয়ো ৷ নিজৰ সম্পৰ্ক ইনষ্টাগ্ৰাম একাউন্টত অনুৰাগী সকলক জনাবলৈ সাজু হৈছে দুয়ো । 6 মাৰ্চত আছিল অভিনেত্ৰীগৰাকীৰ জন্মদিন ৷ জাহ্নৱীৰ জন্মদিনৰ দিনটোৱে যেন দুয়োৰে প্ৰেম ৰাজহুৱা কৰিবলৈ বাছি লৈছিল দুয়োগৰাকীয়ে (Janhvi Kapoors rumoured boyfriend) ৷

6 মাৰ্চত জাহ্নৱীৱে উদযাপন কৰিছে নিজৰ ২৬ সংখ্যক জন্মদিন ৷ জন্মদিন উপলক্ষে ভগ্নী খুশীৰ পৰা আদি কৰি সকলোৱে অভিনেত্ৰীগৰাকীক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ সকলোৱে সামাজিক মাধ্যমত জাহ্নৱীৰ বাবে পোষ্ট কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে ৷ জন্মদিনৰ এই সকলোবোৰ পোষ্টৰ মাজত এটা পোষ্ট আছিল কিছু ব্যতিক্ৰম (Janhvi Kapoor Boyfriend) ৷ সেই পোষ্টটো আছিল জাহ্নৱীৰ চৰ্চিত প্ৰেমিক শিখৰৰ (Shikhar Pahariya birthday post for Janhvi Kapoor) ৷

অভিনেত্ৰী জাহ্নৱী কাপুৰৰ প্ৰেমিক

শিখৰে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত জাহ্নৱীৰ জন্মদিনৰ এক মৰমলগা শুভেচ্ছা বাৰ্তা শ্বেয়াৰ কৰিছে (Shikhar Pahariya Janhvi Kapoor relationship) । শিখৰে শ্বেয়াৰ কৰা ফটোখনত শিখৰক আৰু জাহ্নৱীক সাগৰৰ পাৰত একেলগে থিয় হৈ থকা পৰিলক্ষিত হৈছে ৷ এই ফটোখন পোষ্ট কৰি যেনে এক প্ৰকাৰে দুয়োৰে সম্পৰ্ক নিশ্চিত কৰি তুলিলে (Janhvi Kapoor Relationship) ৷

শিখৰে ফটোখনত ৰঙা হৃদয়ৰ ইমোজিৰ সৈতে লিখিছিল "Happy Birthday" । শিখৰে ফটোখন পোষ্ট কৰাৰ পিচ মুহূৰ্ততে জাহ্নৱীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত সেই ছবিখন পুনৰ শ্বেয়াৰ কৰিছিল । উল্লেখ্য যে শিখৰে শ্বেয়াৰ কৰা ছবিখন জাহ্নৱীৰ সৈতে মালদ্বীপত ছুটী উদযাপন কৰা যেন অনুমান কৰিব পাৰি ।

অভিনেত্ৰী জাহ্নৱী কাপুৰৰ প্ৰেমিক

জানিব পৰা শিখৰ আৰু জাহ্নৱী দুয়ো পূৰ্বে কিছু সময়ৰ বাবে সম্পৰ্কত আছিল যদিও জাহ্নৱী বলীউডত অভিনয় কৰাৰ পূৰ্বে দুয়োৰে সম্পৰ্কত বিচ্ছেদ ঘটে । কিন্তু যোৱা বছৰৰ শেষৰ ফালে শিখৰৰ সৈতে পুনৰ জাহ্নৱীৰ প্ৰেম জাগি উঠে ৷ উল্লেখ্য যে, শিখৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সুশীল কুমাৰ শিণ্ডেৰ মাতৃৰ ফালৰ পৰা নাতি ।

লগতে পঢ়ক:Janhvi Kapoor Birthday: জাহ্নৱী কাপুৰৰ জন্মদিনত ভগ্নী খুশীৰ মৰমলগা শুভেচ্ছা বাৰ্তা

ABOUT THE AUTHOR

...view details