চিটাৰা ডেস্ক, 8 নৱেম্বৰ:দীপাৱলী উৎসৱক লৈ বি-টাউনত দেখা গৈছে ব্যাপক উচাহ ৷ শেহতীয়াকৈ বলীউডৰ চেলিব্ৰিটিৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মণীষ মালহোত্ৰাই তাৰকাসকলৰ বাবে এক গ্ৰেণ্ড দীপাৱলী পাৰ্টিৰ আয়োজন কৰিছিল । মণীষ মালহোত্ৰাৰ দীপাৱলী পাৰ্টিত বলীউডৰ সকলো তাৰকাৰ লগতে উপস্থিত আছিল বলীউডৰ প্ৰাক্তন প্ৰেমিক-প্ৰেমিকা ছলমান খান আৰু ঐশ্বৰ্য ৰায় বচ্চন । কিন্তু এই পাৰ্টিৰ পৰাই শেহতীয়াকৈ ছলমান খানৰ কিছু ফটো প্ৰকাশ পাইছিল আৰু সেই ফটোসমূহৰ বিষয়ে কোৱা হৈছিল যে ভাইজানে ঐশ্বৰ্যক সাৱটি ধৰিছিল । একে সময়তে ইয়াৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল । এতিয়া প্ৰশ্ন হয় সঁচাকৈয়ে ঐশ্বৰ্যক সাৱটি ধৰিছিল নেকি ছলমানে ? ইয়াৰ আঁৰৰ সত্যতা কি জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ।
এই দীপাৱলী পাৰ্টিত ৰঙা ৰঙৰ শ্বাৰাৰা চেট পৰিধান কৰি উপস্থিত হৈছিল ঐশ্বৰ্য ৰায় । একে সময়তে ভাইৰেল হোৱা ফটোসমূহত ছলমান খানক সাৱটি ধৰা যুৱতীগৰাকীয়েও পৰিধান কৰিছিল ৰঙা ৰঙৰ চুট । এই ফটোখন ভাইৰেল হোৱাৰ পিচতে ছলমান খানৰ অনুৰাগীয়ে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল যে ‘হম দিল দে চুকে সনম ২’ নিৰ্মাণ হ’ব নেকি ? একে সময়তে ভাইজানৰ বহু অনুৰাগীয়ে প্ৰশ্ন কৰিছিল যে ভাইজানে ঐশ্বৰ্যৰ মাজত সকলো ঠিক হৈছে নেকি ? এক প্ৰকাৰে এই ফটোকেইখনে ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছিল ।
ইয়াৰ আঁৰৰ প্ৰকৃত সত্য কি ?