চিটাৰা ডেস্ক, 2 আগষ্ট :অভিনেত্ৰী দিয়া মিৰ্জাৰ ভতিজী তান্যা কাকড়েৰ মৃত্যুত শোকত মৰ্মাহত হৈ পৰিছে তাৰকাগৰাকী (Dia Mirza niece name) ৷ প্ৰিয় ভতিজীৰ এখন ফটো শ্বেয়াৰ কৰি দিয়াই লিখিছে এটা আৱেগিক টোকা ৷
অভিনেত্ৰীগৰাকীয়ে লিখিছে, ‘মোৰ ভতিজী, মোৰ সন্তান, মোৰ জান আৰু এই পৃথিৱীত নাই, তুমি য’তেই নাথাকা, তুমি মোৰ বাবে সদায় বিশেষ হৈ থাকিবা, তুমি যাতে শান্তি আৰু মৰম বিচাৰি পোৱা, তুমি আমাৰ হৃদয়ত সদায় থাকিবা ৷ ওম শান্তি '৷ দিয়াৰ পোষ্টটোত অনুৰাগী সকলৰ লগতে চেলেব্ৰিটী সকলেও শোক প্ৰকাশ কৰিছে ।
তান্যা কাকড়ে কংগ্ৰেছ নেতা ফিৰোজ খানৰ কন্যা । সংবাদ মাধ্যমৰ মতে, গাড়ী দূৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটে তান্যাৰ । জানিব পৰা মতে তান্যা চাৰিজন বন্ধুৰ সৈতে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উভতি অহাৰ সময়তে দূৰ্ঘটনাগ্ৰস্ত হয় । ততাতৈয়াকৈ পৰিয়ালৰ লোকক এই দূৰ্ঘটনা আৰু তেওঁৰ মৃত্যুৰ বিষয়ে অৱগত কৰা হয় ।