অসম

assam

ETV Bharat / entertainment

Dhindhora Baje Re Song OUT: ৰকি অউৰ ৰাণী কি প্ৰেম কাহানীৰ চতুৰ্থটো গীত ঢিন্ধোৰা বাজে ৰে মুকলি - ৰকি অৰ ৰাণী কি প্ৰেম কাহানী

আজি (২৪ জুলাই) মুক্তি লাভ কৰিলে ৰকি অৰ ৰাণী কি প্ৰেম কাহানীৰ চতুৰ্থটো গীত ঢিন্ধোৰা বাজে ৰে ।

Dhindhora Baje Re Song out, Ranveer Singh and Alia Bhatt showing their love before family
ঢিন্ধোৰা বাজে ৰে মুকলি

By

Published : Jul 24, 2023, 9:52 PM IST

চিটাৰা ডেস্ক, 24 জুলাই: আজি (২৪ জুলাই) মুক্তি লাভ কৰিছে ৰণবীৰ সিং আৰু আলিয়া ভাটৰ অভিনীত আগন্তুক পাৰিবাৰিক নাটকীয় ছবি ‘ৰকি অউৰ ৰাণী কি প্ৰেম কাহানী’ৰ চতুৰ্থটো গীত ‘ঢিন্ধোৰা বাজে ৰে’। কলকাতাত ছবিখনৰ প্ৰচাৰৰ সময়ত ‘ঢিন্ধোৰা বাজে ৰে’ গীতটো মুকলি কৰে ৰণবীৰ আৰু আলিয়াই। কৰণ জোহৰৰ পৰিচালিত ‘ৰকি অৰ ৰাণী কি প্ৰেম কাহানী’ ছবিখনৰ এই চতুৰ্থ গীতটিৰ সুৰ নিৰ্মাণ কৰিছে সংগীত শিল্পী প্ৰীতমে । এই গীতটোত ৰণবীৰ সিং আৰু আলিয়া ভাটক দুৰ্গা পূজাৰ মণ্ডপত উৎসাহপূৰ্ণ নৃত্য কৰা দেখা গৈছে। আনহাতে, এই গীতটোত ‘ৰকি’ আৰু ‘ৰাণী’ৰ চৰিত্ৰত ৰণবীৰ আৰু আলিয়াই পৰিয়ালৰ সন্মুখত নিজৰ মৰম প্ৰদৰ্শন কৰা দেখা গৈছে ।

ঢিন্ধোৰা বাজে ৰে গীতটিত কণ্ঠদান কৰিছে দৰ্শন ৰাৱাল আৰু ভূমি ত্ৰিবেদীয়ে । একে সময়তে গীতটিৰ কথা ৰচনা কৰিছে জনপ্ৰিয় গীতিকাৰ অমিতাভ ভট্টাচাৰ্যই । প্ৰীতমৰ সংগীতেৰে সুৰ কৰা হৈছে গীতটি । গীতটোত দেখা পোৱা যায় যে বাঙালী পৰিয়ালৰ ‘ৰাণী’ (আলিয়া) আৰু পাঞ্জাবী পৰিয়ালৰ ‘ৰকি’ (ৰণবীৰ সিং)য়ে ৰঙা ৰঙৰ কাপোৰ পৰিধান কৰি দুৰ্গা পূজাত নৃত্য পৰিৱেশন কৰে ৷

ৰকি আৰু ৰাণীক দেখি এনে লাগে যেন প্ৰেমৰ বিৰোধী পৰিয়ালৰ সদস্যৰ সন্মুখত এই মণ্ডপত তেওঁলোকে নিজৰ প্ৰেম প্ৰদৰ্শন কৰিছে, কাৰণ এই দুয়োটা পৰিয়ালৰ ৰীতি-নীতি সম্পূৰ্ণ বেলেগ।

কেতিয়া মুক্তি পাব ছবিখন ?

উল্লেখ্য যে, ৰকি আৰু ৰাণীৰ প্ৰেম কাহানী মুক্তিৰ মাজত মাত্ৰ 3 দিন বাকী আছে ৷ হয়, অহা ২৮ জুলাইত দেশৰ লগতে বিশ্বৰ ছবিগৃহত মুক্তি লাভ কৰিব ছবিখন । ছবিখনত ৰণবীৰ সিং আৰু আলিয়া ভাটৰ সৈতে ধৰ্মেন্দ্ৰ, জয়া বচ্চন, শবানা আজমীৰ দৰে প্ৰবীণ তাৰকাকো গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব ।

লগতে পঢ়ক:Rajveer Deol Bollywood Debut :বলীউডত আত্মপ্ৰকাশ কৰিব ছানী দেউলৰ কনিষ্ঠ পুত্ৰই, পোষ্টাৰ শ্বেয়াৰ কৰিলে পিতৃয়ে

লগতে পঢ়ক:Oppenheimer Controversy: ক্রিষ্টোফাৰ নোলানৰ অপেনহাইমাৰত অন্তৰংগ দৃশ্যৰ সময়ত ভাগৱতৰ উল্লেখ; বিতর্কৰ সৃষ্টি ভাৰতত

ABOUT THE AUTHOR

...view details