চিটাৰা ডেস্ক, 31 অক্টোবৰ: টলীউডৰ লগতে বলীউডতো নিজৰ অভিনয়ৰ দক্ষতা প্ৰমাণ কৰিছে দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে । ধনুষে বহু হিন্দী ছবিত অভিনয়েৰে হিন্দী বেল্টত দৰ্শকৰো হৃদয় জয় কৰিবলৈ সক্ষম হৈছে । এতিয়া শীঘ্ৰেই প্যান ইণ্ডিয়া ফিল্ম ষ্টাৰ হ’বলৈ গৈ আছে ধনুষ । ধনুষৰ অনুৰাগীৰ বাবে আহি আছে ডাঙৰ ভাল খবৰ । দৰাচলতে ৰাষ্ট্ৰীয় বঁটা বিজয়ী সংগীতজ্ঞ, সুৰকাৰ, বাদ্যযন্ত্ৰী, অৰ্কেষ্ট্ৰেটৰ, গীতিকাৰ আৰু গায়ক ইছাইগনানী ইল্লিয়াৰাজাৰ বায়’পিকত দেখা যাব ধনুষক ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইল্লিয়াৰাজাৰ বায়’পিকখন হৈছে প্যান ইণ্ডিয়া প্ৰজেক্ট । জানিব পৰা মতে অহা বছৰ ২০২৪ চনত এই ছবিখনৰ শ্বুটিং আৰম্ভ হ’ব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই ছবিখন প্ৰযোজনা কৰিব চাউথ ষ্টাৰ মোহনলালৰ ছবি বৃষভ প্ৰযোজনা কৰা Connekkt Media ই ।
শেহতীয়াকৈ য়ুৱন শংকৰ ৰাজাই কৈছিল যে তেওঁ ধনুষক তেওঁৰ পিতৃ ইল্লিয়াৰাজাৰ বায়’পিকত চাব বিচাৰে । ইফালে এই ছবিখনেই হ’ব ধনুষৰ প্ৰথম ছবি, য’ত তেওঁ কোনো বায়’পিকত কাম কৰিব । এইখিনিতে উল্লেখ কৰিব লাগিব যে ধনুষ ইল্লিয়াৰাজাৰ এজন ডাঙৰ অনুৰাগী আৰু গতিকে এই ছবিখনত ইল্লিয়াৰাজাৰ চৰিত্ৰত অভিনয় কৰাটো ধনুষৰ বাবে সপোন পূৰণ হোৱাৰ দৰে হ’ব । কিন্তু, এতিয়ালৈকে এই খবৰৰ ওপৰত নিৰ্মাতাই কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই ।