চিটাৰা ডেস্ক, 6 অক্টোবৰ :দক্ষিণৰ চুপাৰষ্টাৰ ধনুষ তেওঁৰ পেছাদাৰী জীৱনৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনৰ বাবেও কিছু সময় ধৰি চৰ্চাত আছে ৷ কেইমাহমান আগতে তেওঁ আৰু তেওঁৰ পত্নী ঐশ্বৰ্যা ৰজনীকান্তে পৃথক হোৱাৰ কথা ঘোষণা কৰাৰ ফলত হতবাক হৈ পৰিছিল অনুৰাগী ৷ ভাগি পৰিছিল ঐশ্বৰ্যাৰ পিতৃ তথা দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্ত ৷ সেই সময়ত প্ৰায়ে বাতৰিৰ শিৰোনামত আছিল ধনুষ আৰু ঐশ্বৰ্যা ৷ কিন্তু এতিয়া বাতৰি আহিছে যে দুয়োৱে বিবাহ বিচ্ছেদৰ সিদ্ধান্ত স্থগিত ৰাখিছে ৷ তেওঁলোকৰ সম্পৰ্কটোক আন এটা সুযোগ দিয়াৰ কথা ভাবিছে দুয়োৱে (Dhanush and Aishwaryaa reunited) ।
নহ’বও পাৰে ধনুষ আৰু ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদ
ধনুষ আৰু ঐশ্বৰ্যা আকৌ এবাৰ তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত বাতৰিলৈ আহিছে । টলীউড নেটত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে তেওঁলোক দুয়োজনে বিবাহ বিচ্ছেদৰ সলনি সম্পৰ্কটোক আন এটা সুযোগ দিবলৈ মন স্থিৰ কৰিছে । ঐশ্বৰ্যাৰ দেউতাক তথা দক্ষিণৰ চুপাৰষ্টাৰ ৰজনীকান্তে তেওঁলোক দুয়োকে একেলগে আনিবলৈ বহু চেষ্টা কৰি আছিল যেতিয়া তেওঁলোকে ইজনে সিজনৰ পৰা পৃথক হোৱাৰ কথা ঘোষণা কৰিছিল । বৰ্তমানে যদি প্ৰতিবেদনবোৰ বিশ্বাস কৰা হয় তেনেহ’লে ক’ব পাৰি যে ৰজনীকান্তৰ প্ৰচেষ্টা সফল হৈছে ।