অসম

assam

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 2:54 PM IST

ETV Bharat / entertainment

Dhanteras 2023: হেমা মালিনীৰ পৰা অনুপম খেৰলৈকে, এইসকল চেলিব্ৰিটিয়ে জনাইছে ধনতেৰচৰ শুভেচ্ছা

আজি সমগ্ৰ দেশতে ধনতেৰচৰ উৎসৱ পালন কৰা হৈছে । এই উৎসৱ উপলক্ষে বলীউডৰ চেলিব্ৰিটিসকলে তেওঁলোকৰ অনুৰাগীসকলক আন্তৰিক শুভেচ্ছা জনাইছে । ছানী দেওলৰ পৰা অনুপম খেৰলৈকে এইসকল চেলিব্ৰিটিয়ে ধনতেৰচৰ শুভেচ্ছা জনাইছে অনুৰাগীক ৷

Dhanteras 2023: Hema Malini, Anupam Kher and other celebs send warm wishes in Dhanteras
চেলিব্ৰিটিয়ে জনাইছে ধনতেৰচৰ শুভেচ্ছা

চিটাৰা ডেস্ক, 10 নৱেম্বৰ: দেশৰ চৌদিশে এতিয়া বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশ । দেশৰ চুকে-কোণে দীপাৱলীৰ পাৰ ভঙা উচাহ দেখা গৈছে ৷ ৰং-বিৰঙি লাইটেৰে সজাই পৰাই তোলা হৈছে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট ৷ ১০ নৱেম্বৰত অৰ্থাৎ আজি ধনতেৰচৰ উৎসৱ পালন কৰা হৈছে । প্ৰতিটো উৎসৱৰ দৰেই চলচ্চিত্ৰ তাৰকাসকলেও এই মহোৎসৱটো অতি আড়ম্বৰেৰে উদযাপন কৰিছে ।

বলীউডৰ চেলিব্ৰিটিয়ে ধনতেৰচৰ শুভেচ্ছা জনাইছে

বলীউডৰ বহু চেলিব্ৰিটিয়েও নিজৰ অনুৰাগীক ধনতেৰচৰ শুভেচ্ছা জনাইছে । গতিকে কোন কোন তাৰকাই অভিনন্দন জনাইছে চাওঁ আহক এই প্ৰতিবেদনত । এই তালিকাৰ প্ৰথম নামটো হ’ল বলীউডৰ ছুপাৰষ্টাৰ ছানী দেওলৰ ।

অনুৰাগীক ধনতেৰচৰ শুভেচ্ছা জ্ঞাপন কৰিছে ছানী দেওলে

ছানী দেওলে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, ‘‘আপোনালোক সকলোৱে সুখ আৰু ধনৰ আশীৰ্বাদ লাভ কৰক । ধনতেৰচৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।’’

অনুপম খেৰেও বিশেষ বাৰ্তাৰে শুভেচ্ছা জনালে

ছানী দেওলৰ উপৰিও অনুপম খেৰেও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত অনুৰাগীক ধনেৰচৰ শুভেচ্ছা জনাইছে । এটা সুন্দৰ পোষ্ট শ্বেয়াৰ কৰি তেওঁ লিখিছে, ‘‘ধনতেৰচৰ বাবে আপোনালোক সকলোকে অভিনন্দন আৰু শুভেচ্ছা থাকিল ।’’

হেমা মালিনীয়েও শুভেচ্ছা জ্ঞাপন কৰে

ড্ৰিম গাৰ্ল হেমা মালিনীয়ে ধনতেৰচৰ শুভেচ্ছা জ্ঞাপন কৰি ছ’চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছে এখন ছবি ৷ ছবিখনৰ কেপচনত তেওঁ লিখিছে, ‘‘দেশ আৰু বিদেশৰ প্ৰবাসী ভাৰতীয়সকলৰ মাজত দেৱালী উদযাপন কৰা হৈছে । এইটো এটা উৎসৱ য’ত সমগ্ৰ দেশে উৎসাহেৰে অংশগ্ৰহণ কৰে ।’’

নীল নীতিন মুকেশে পোষ্ট কৰি অনুৰাগীক জনালে শুভেচ্ছা

নীল নীতিন মুকেশে নিজৰ ছ’চিয়েল মিডিয়া হেণ্ডেল ইনষ্টাগ্ৰামত নিজৰ আৰু পত্নীৰ এখন ছবি শ্বেয়াৰ কৰে । ফটোখনত দুয়োগৰাকীয়ে পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা গৈছে । ইয়াৰ সমান্তৰালকৈ অভিনেতাগৰাকীয়ে কেপচনত লিখিছে ‘হেপি ধনতেৰচ’।

লগতে পঢ়ক:Salman-Katrina wishes Diwali: অনুৰাগীক দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন টাইগাৰ-জোয়াৰ

ABOUT THE AUTHOR

...view details