চিটাৰা ডেস্ক, ২৬ ছেপ্টেম্বৰ: হিন্দী ছবিৰ চিৰসেউজ অভিনেতা দেৱ আনন্দৰ পাকিস্তানৰ সৈতে অতি গভীৰ সম্পৰ্ক আছিল । জন্মৰ পৰা কলেজীয়া শিক্ষালৈকে সকলো সম্পন্ন হৈছিল পাকিস্তানৰ লাহোৰত । কিন্তু ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ পিচত ভাৰতলৈ আহি অভিনেতাগৰাকীয়ে মুম্বাইত থাকি অভিনয় জীৱন আৰম্ভ কৰিছিল । কিন্তু, তেওঁৰ পূৰ্বপুৰুষৰ ঘৰ আছিল লাহোৰত । ৫৫ বছৰৰ পাচত এবাৰ পাকিস্তানলৈ গৈছিল দেৱ আনন্দ । যিবোৰ ঠাইৰ প্ৰতি তেওঁৰ গভীৰ মোহ আছিল, দেৱ আনন্দে সেই সকলোবোৰ ঠাই ভ্ৰমণ কৰিছিল । পুৰণি দিনবোৰলৈ মনত পেলাই তেওঁ আৱেগিক হৈ পৰিছিল। আনকি এনেকুৱা কিছুমান ঠাই আছিল, যিবোৰ দেখি চকুলো বৈ আহিছিল তেওঁৰ ।
১৯৯৯ চনত যেতিয়া দেৱ আনন্দ লাহোৰলৈ গৈছিল তেতিয়া তেওঁ আৱেগিক হৈ পৰিছিল । দেৱ আনন্দে তেওঁৰ “Romancing with Life” নামৰ গ্ৰন্থখনত লিখিছে যে যেতিয়া তেওঁ ৱাগাৰ পৰা পাকিস্তানত উপস্থিত হৈছিল, তেতিয়া তেওঁ বহু বছৰত সেই স্থানত বহু পৰিৱৰ্তন দেখিছিল । কিন্তু মাল ৰোডত ৰখা কামানটো দেখি তেওঁৰ আগৰ দিনবোৰলৈ মনত পৰে ৷ কাৰণ এই ৰোডৰ অলপ আগলৈ গ’লেই আহে দেৱ আনন্দৰ কলেজ ৷ য’ত আছিল অতীতৰ বহু স্মৃতি ৷
কিয় কান্দিছিল দেৱ আনন্দে ?
দেৱ আনন্দ যেতিয়া নিজৰ কলেজত উপস্থিত হৈছিল তেতিয়া তেওঁ আৱেগিক হৈ পৰিছিল ৷ কেম্পাছৰ অট্টালিকা আৰু শ্ৰেণীকোঠা দেখাৰ লগে লগে দেৱ আনন্দৰ মনত পৰে তেওঁৰ অতীতৰ দিনবোৰলৈ । কলেজ পোৱাৰ পিচত কৰিডৰত থকা খুঁটাটোক সাৱটি ধৰি দেৱ আনন্দে কেৱল মাথো কান্দিবলৈ ধৰে ৷ কাৰণ, সেই স্তম্ভটোৰ সৈতে অভিনেতাজনৰ গভীৰ সম্পৰ্ক আছিল । আচলতে কলেজ পঢ়াৰ সময়ত দেৱ আনন্দে সেই স্থানত বন্ধু-বান্ধৱীৰ লগত আড্ডা মাৰিছিল । অকলে থাকিলেও একেটা স্তম্ভৰ ওচৰত বহি সময় অতিবাহিত কৰিছিল দেৱে ৷ কেৱল এয়াই নহয়, এই স্তম্ভটো দেখি তেওঁৰ প্ৰথম প্ৰেমৰ কথাও মনত পৰিছিল ।
পাকিস্তানৰ সৈতে দেৱ আনন্দৰ গভীৰ সম্পৰ্ক
আজি প্ৰয়াত প্ৰবীণ অভিনেতাগৰাকীৰ ১০০ সংখ্যক জন্মদিন ৷ ১৯২৩ চনৰ ২৬ ছেপ্টেম্বৰত পাকিস্তানত জন্মগ্ৰহণ কৰিছিল বলীউডৰ প্ৰবীণ অভিনেতা দেৱ আনন্দ ৷ তেওঁৰ শিক্ষাগ্ৰহণ জীৱন সম্পন্ন হৈছিল চুবুৰীয়া দেশ পাকিস্তানৰ পৰা । লাহোৰৰ চৰকাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিচত দেৱ আনন্দ ১৯৪৩ চনত বম্বেলৈ যায় । ইংৰাজী সাহিত্যত স্নাতকোত্তৰ কৰিব খুজিছিল যদিও দেউতাকৰ আৰ্থিক অৱস্থা ইমান ভাল নাছিল । তাৰ পিচত চাকৰিৰ সন্ধানত মুম্বাইলৈ ৰাওনা হয় আৰু পিছলৈ দেৱ আনন্দে অভিনয়ৰ কেৰিয়াৰ আৰম্ভ কৰে । তেওঁৰ অভিনয় ইমানেই উৎকৃষ্ট আছিল যে আজি তেওঁ মানুহৰ হৃদয়ত জীয়াই আছে। ছবিজগতত অনবদ্য অৱদান আগবঢ়াইছে দেৱ আনন্দে ।
লগতে পঢ়ক:Tiger 3: অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ, টাইগাৰ ৩ৰ অনুৰাগীৰ বাবে আহিল সুখবৰ