অসম

assam

Dev Anand 100th birth anniversary: দেৱ আনন্দৰ জন্ম জয়ন্তীত চিৰসেউজ অভিনেতাগৰাকীক এনেদৰে স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 7:21 PM IST

দেৱ আনন্দৰ ১০০ সংখ্যক জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি পোষ্ট শ্বেয়াৰ প্ৰধানমন্ত্ৰী মোদীৰ ৷

'Dev Anand Ji is remembered as an evergreen icon', PM Modi remembers to veteran actor on his 100th birth anniversary
দেৱ আনন্দৰ ১০০ সংখ্যক জন্ম জয়ন্তী

চিটাৰা ডেস্ক, ২৬ ছেপ্টেম্বৰ: ২৬ ছেপ্টেম্বৰত অৰ্থাৎ আজি হিন্দী চিনেমাৰ প্ৰয়াত প্ৰবীণ ছুপাৰষ্টাৰ দেৱ আনন্দৰ ১০০ বছৰীয়া জন্ম জয়ন্তী । এই উপলক্ষে দেৱ চাহাবৰ অনুৰাগী আৰু চেলিব্ৰিটিসকলে তেওঁক স্মৰণ কৰি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ৷ অনুৰাগী আৰু চেলিব্ৰিটিৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱ চাহেবৰ স্মৃতিত তেওঁৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউন্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে। লগতে দেৱ আনন্দৰ সৈতে নিজৰ দুখন ছবি শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। এই পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে দেৱ চাহেবৰ বাবে এখন দীঘলীয়া টোকা লিখিছে।

উল্লেখযোগ্য যে দেৱ আনন্দৰ জন্ম হৈছিল ১৯২৩ চনৰ ২৬ ছেপ্টেম্বৰত পঞ্জাৱ (পাকিস্তান)ৰ ছাকাৰগড়ত। ২০১১ চনৰ ৩ ডিচেম্বৰত লণ্ডনত চিকিৎসা চলি থকা অৱস্থাত স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁৰ মৃত্যু হয়।

আপুনি এজন চিৰসেউজ আইকন- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দেৱ চাহেবক স্মৰণ কৰি পি এম মোদীয়ে লিখিছে, ‘‘দেৱ আনন্দ জী চিৰসেউজ অভিনেতা হিচাপে স্মৰণীয় হৈ থাকিব ৷ তেওঁৰ কাহিনী কোৱাৰ ধৰণ আৰু চিনেমাৰ প্ৰতি থকা আকৰ্ষণ, কোনেও প্ৰত্যাহ্বান জনাব নোৱাৰে, তেওঁৰ ছবিবোৰে কেৱল মনোৰঞ্জন দিয়াই নহয়, সমাজখন সলনি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা কৰিছে ৷ তেওঁ ভাৰতৰ আকাংক্ষা, তেওঁৰ কালজয়ী অভিনয়ে আগন্তুক প্ৰজন্মক আকৰ্ষণ কৰি থাকিব, আহক আমি তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তীত তেওঁক স্মৰণ কৰোঁ ।’’

দেৱ চাহেবৰ চলচ্চিত্ৰ জীৱন

১৯৪৬ চনত দেৱ চাহেবে ‘হুম এক হ্যা’ ছবিৰ জৰিয়তে হিন্দী চিনেমাত আত্মপ্ৰকাশ কৰিছিল । তেওঁৰ উল্লেখনীয় ছবিসমূহৰ ভিতৰত আছে গাইড, জুৱেল থিফ, গেম্বলাৰ, হীৰা পান্না, জনী মেৰা নাম, প্ৰেম পূজাৰী, হৰে ৰামা হৰে কৃষ্ণ, তেৰে মেৰে সপ্নেকে ধৰি বহু হিট ছবি অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে পঢ়ক:Dadasaheb Phalke Award 2023: দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব ৱাহিদা ৰহমানক, ঘোষণা অনুৰাগ ঠাকুৰৰ

লগতে পঢ়ক:Dev Anand's 100th birth anniversary: ৫৫ বছৰৰ মূৰত কিয় পাকিস্তানলৈ গৈছিল দেৱ আনন্দ ?

ABOUT THE AUTHOR

...view details