অসম

assam

200 crore extortion case: সোধা পোছাৰ বাবে EOW ৰ অফিচত উপস্থিত জেকলিন ফাৰ্ণাণ্ডেজ

By

Published : Sep 15, 2022, 11:16 AM IST

সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত 200 কোটি টকাৰ ধন দাবী আৰু জালিয়াতিৰ গোচৰত (200 crore extortion case) বুধবাৰে দিল্লী আৰক্ষীৰ ইকনমিক অফেন্সছ ৱিঙে বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সোধা-পোছা কৰিছে । ফাৰ্ণাণ্ডেজৰ সৈতে হোৱা কথা বতৰাৰ পিছত পিংকি ইৰাণীকো সোধা-পোছা কৰা হ’ব বুলি জানিবলৈ দিছে দিল্লী আৰক্ষীয়ে ।

Jacqueline Fernandez
EOW ৰ অফিচত উপস্থিত জেকলিন ফাৰ্ণাণ্ডেজ

চিটাৰা ডেস্ক, 15 ছেপ্টেম্বৰ : দিল্লী আৰক্ষীৰ Economic offences wing ৰ তদন্তৰ অধীনত ঠগবাজ সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত 200 কোটি টকাৰ ধন দাবী আৰু প্ৰৱঞ্চনাৰ গোচৰত বুধবাৰে বলীউডৰ অভিনেত্ৰী জেকলিনক সোধা-পোছা কৰা হৈছে । সোধ পোছৰ বাবে EOW অফিচত উপস্থিত হৈছেগৈ অভিনেত্ৰী (Jacqueline Fernandez news) । ইয়াৰ পূৰ্বে EOW য়ে তেওঁৰ অনুৰোধত তদন্ত স্থগিত ৰাখিছিল । ফাৰ্ণাণ্ডেজৰ এগৰাকী সহায়ক পিংকি ইৰাণীকো তদন্তত যোগদান কৰিবলৈ মাতি অনা হৈছে আৰু দুয়োকে একেলগে জেৰা কৰাৰ সম্ভাৱনা আছে ।

EOW ৰ অফিচত উপস্থিত জেকলিন ফাৰ্ণাণ্ডেজ

ইউনিটটোৰ সূত্ৰই জনোৱা মতে, তেওঁলোকে অভিনেত্ৰীগৰাকীক সুধিবৰ বাবে প্ৰশ্নাৱলীৰ এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে । সূত্ৰটোৱে কয়, "আমি তেওঁক চন্দ্ৰশেখৰৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু উপহাৰ, তেওঁৰ পৰা পোৱা ধনৰ বিষয়ে সুধিম । হয়তো আমি ইৰাণী আৰু ফাৰ্ণাণ্ডেজক একেলগে সন্মুখীনো কৰিব পাৰো । দুই-তিনিদিন ধৰি জেৰা চলিব পাৰে" । ইৰাণী আৰু ফাৰ্ণাণ্ডেজক যিবোৰ প্ৰশ্ন কৰা হ’ব সেইবোৰ শীৰ্ষ বিষয়াই প্ৰস্তুত কৰিছে ৷ চন্দ্ৰশেখৰে কৈ থকা মিছা কথা ধৰা পেলাবলৈ ।

ইয়াৰ পূৰ্বে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত EOWৰ বিষয়াসকলে এই গোচৰত বলীউডৰ আন এগৰাকী অভিনেত্ৰী নোৰা ফাতেহীৰ সাক্ষ্য ৰেকৰ্ড কৰিছিল । ফৰ্টিছ হেল্থকেয়াৰৰ প্ৰাক্তন প্ৰমোটাৰ শিবিন্দৰ মোহন সিঙৰ পত্নী অদিতি সিংকে ধৰি একাংশ হাই-প্ৰফাইল লোকক প্ৰতাৰণা কৰি ধন দাবী কৰাৰ অভিযোগত চন্দ্ৰশেখৰক গ্ৰেপ্তাৰ কৰা হৈছিল ।

চন্দ্ৰশেখৰৰ সৈতে সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰি বলিউডৰ কেইবাগৰাকীও অভিনেতা-মডেলক সোধা-পোছা কৰিছে বলৱৎকাৰী সঞ্চালকালয়ে । যোৱা বছৰৰ এপ্ৰিল মাহত 2017 চনৰ নিৰ্বাচন আয়োগৰ উৎকোচ গোচৰৰ সৈতে জড়িত আন এটা ধন সৰবৰাহৰ গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, য’ত এআইএডিএমকেৰ এজন প্ৰাক্তন নেতা জড়িত আছিল বুলি অভিযোগ উঠিছিল ।

লগতে পঢ়ক :নোৰা ফাতেহী-জেকলিন ফাৰ্ণাণ্ডেজকে ধৰি এই 10 গৰাকী বিদেশী অভিনেত্ৰীয়ে বলীউডত নাম অৰ্জন কৰিছে

ABOUT THE AUTHOR

...view details