অসম

assam

By

Published : Mar 9, 2023, 4:53 PM IST

ETV Bharat / entertainment

Satish Kaushik death: সতীশ কৌশিকৰ মৃত্যু সন্দৰ্ভত দিল্লী আৰক্ষী তদন্ত

আজি শেষ নিশ্বাস ত্যাগ কৰে কৌতুক অভিনেতা তথা পৰিচালক সতীশ কৌশিকে ৷ যশস্বী অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ বলীউৰ অভিনেতা-অভিনেত্ৰী তথা পৰিচালকৰ ৷ ইফালে বলিষ্ঠ অভিনেতাগৰাকীৰ আকস্মিক মৃত্যুত তদন্ত আৰম্ভ দিল্লী আৰক্ষীৰ ৷ তদন্ত আওতালৈ কোন কোন আহিল জানিবলৈ পঢ়ক এই প্ৰতিবেদন (Satish Kaushik Passes Away) ৷

DELHI POLICE INVESTIGATING DEATH OF ACTOR SATISH KAUSHIK
সতীশ কৌশিকৰ মৃত্যু সন্দৰ্ভত তদন্ত আৰম্ভ দিল্লী আৰক্ষীৰ

চিটাৰা ডেস্ক, 9 মাৰ্চ:বহু কেইখন ছবিত নিজৰ কৌতুক অভিনয়ৰে দৰ্শকৰ হৃদয় জিনা যশস্বী অভিনেতা তথা চলচ্চিত্ৰ নিৰ্মাতা সতীশ কৌশিকৰ আকস্মিক মৃত্যুত হতভম্ব সকলো ৷ খবৰ অনুসৰি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে অভিনেতাগৰাকীৰ ৷ কিন্তু আগদিনা হোলী উদযাপন কৰা বলিষ্ঠ অভিনেতাগৰাকীৰ হঠাৎ পিচদিনা কেনেকৈ মৃত্যু হ’ল ? অভিনেতাগৰাকীৰ এনে আকস্মিক মৃত্যুত বহু প্ৰশ্নৰ উদয় হৈছে ৷ যাৰ ফলত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ মৃত্যু সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ইতিমধ্যেই আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া (Police investigating death of actor Satish Kaushik) ।

উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে নিজা পৰ্যায়ত আৰম্ভ কৰিছে এই তদন্ত প্ৰক্ৰিয়া ৷ মৃত্যুৰ শেষ মুহূৰ্তত সতীশ কৌশিকৰ সৈতে উপস্থিত থকা তথা সতীশ কৌশিকক গুৰুগ্ৰামৰ ফৰ্টিছ চিকিৎসালয়লৈ লৈ যোৱা সকলো ব্যক্তিৰ সৈতে ইতিমধ্যেই যোগাযোগ কৰিছে দিল্লী আৰক্ষীয়ে (Satish Kaushik Death) ।

সতীশ কৌশিকৰ মৃত্যুৰ পিচত তেওঁৰ মৃতদেহ গুৰুগ্ৰামৰ ফৰ্টিছ হাস্পতালৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে পশ্চিম দিল্লীৰ হৰিনগৰৰ দীনদয়াল উপাধ্যায় চিকিৎসালয়লৈ লৈ যোৱা হয় । তথ্য অনুসৰি মেডিকেল ব’ৰ্ডৰ দলে মৰণোত্তৰ পৰীক্ষা কৰি আছে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত সতীশ কৌশিকৰ মৃতদেহ চিকিৎসালয়ৰ পৰা পোনপটীয়াকৈ বিমানবন্দৰলৈ লৈ যোৱা হ’ব বুলিও জানিব পৰা গৈছে (Satish Kaushik Passes Away) ।

মৰণোত্তৰ পৰীক্ষাত যাতে কোনো ধৰণৰ অভাৱ অভিযোগ নাথাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি ব’ৰ্ডৰ দ্বাৰা সম্পন্ন কৰোৱা হৈ আছে মৰণোত্তৰ পৰীক্ষা । পিচত যদি মৃত্যুৰ সন্দৰ্ভত কিবা প্ৰশ্ন উত্থাপন হয়, তেতিয়া সেই প্ৰশ্নৰ উত্তৰ আগতীয়াকৈ দিবলৈ ব’ৰ্ডৰ দ্বাৰা সম্পন্ন কৰা হৈ আছে মৰণোত্তৰ পৰীক্ষা । অৱশ্যে এই পৰ্যন্ত সতীশ কৌশিকৰ মৃত্যু সন্দৰ্ভত কোনো ব্যক্তিয়ে আৰক্ষীক কোনো অভিযোগ দিয়া নাই (Satish Kaushik death live updates)।

প্ৰাপ্ত তথ্য অনুসৰি কাপাশ্বেৰা থানাৰ অন্তৰ্গত ফাৰ্ম হাউচত অনুষ্ঠিত হৈছিল হোলীৰ অনুষ্ঠান । ৮ মাৰ্চত অৰ্থাৎ বুধবাৰে অভিনেতগৰাকীয়ে বন্ধু-বান্ধৱীৰ সৈতে হোলী উদযাপন কৰিবলৈ কাপাশ্বেৰাৰ সমীপৰ এই ব্যক্তিগত ফাৰ্ম হাউচত উপস্থিত হৈছিল । দিনৰ ভাগত হোলী উদযাপন কৰি নিশা প্ৰায় ১১ বজাত শুবলৈ যাওঁতে অভিনেতাগৰাকী বুকুৰ বিষ অনুভৱ কৰে ৷ লগে লগে অভিনেতাগৰাকীক সহায়কসকলে গুৰুগ্ৰামৰ ফৰ্টিছ হাস্পতাললৈ লৈ যায় ।

কিন্তু দুৰ্ভাগ্যবশতঃ হাস্পতাললৈ নিয়াৰ পূৰ্বেই মৃত্যু হয় সতীশ কৌশিকৰ । জানিব পৰা মতে ফাৰ্ম হাউচৰ মালিকৰ সতীশ কৌশিকৰ সৈতে পাৰিবাৰিক সম্পৰ্ক আছিল । বৰ্তমানলৈকে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো তথ্য লাভ কৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে দিল্লী আৰক্ষীয়ে (Delhi Police investigating death of Satish Kaushik) ৷

লগতে পঢ়ক:Satish Kaushik Demise : কেনেকৈ মৃত্যু হৈছিল সতীশ কৌশিকৰ ? হাৰ্ট এটেকৰ সময়ত ক’ত আছিল সতীশ ?

ABOUT THE AUTHOR

...view details