অসম

assam

ETV Bharat / entertainment

Aaradhya Bachchan: আৰাধ্যা বচ্চনৰ আবেদনৰ শুনানি গ্ৰহণ দিল্লী উচ্চতম ন্যায়ালয়ৰ - ঐশ্বৰ্য ৰায়

ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ কন্যা আৰাধ্যা বচ্চনৰ সন্দৰ্ভত ভুৱা বাতৰি প্ৰচাৰ কৰা চেনেলসমূহক এনে বাতৰি প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ (Aaradhya Bachchan HC) ৷

Delhi HC restrains YouTube channels from sharing fake news on Aaradhya Bachchan
আৰাধ্যা বচ্চনক লৈ ভুৱা বাতৰি প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে

By

Published : Apr 20, 2023, 9:35 PM IST

চিটাৰা ডেস্ক, 20 এপ্ৰিল: দিল্লী উচ্চ ন্যায়ালয়ে ইউটিউব চেনেলসমূহক ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ কন্যা আৰাধ্যা বচ্চনক লৈ ভুৱা বাতৰি প্ৰচাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে (Aaradhya Bachchan)। শেহতীয়াকৈ আৰাধ্যায়ে আদালতত দাখিল কৰিছিল আবেদন (Aishwarya Rai) ৷ আবেদনত উল্লেখ কৰা হৈছিল যে, যিহেতু আৰাধ্যা নাবালিকা গতিকে আৰাধ্যাৰ বিষয়ে যাতে কোনো ভুৱা বাতৰি প্ৰচাৰ কৰা নহয় ৷ এই আবেদনৰ ভিত্তিত ন্যায়াধীশ চি হৰি শংকৰে জাননী জাৰি কৰি আৰাধ্যাৰ সৈতে জড়িত ভিডিঅ’ প্ৰচাৰৰ পৰা বিৰত থাকিবলৈ ইউটিউব চেনেলসমূহক নিৰ্দেশ দিয়ে ।

আদালতৰ মতে, যিবোৰ চেনেলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে, সেইবোৰে বিষয়টোৰ সৈতে জড়িত বা এনে URLৰ সৈতে জড়িত কোনো ভিডিঅ’ প্ৰকাশ, আপলোড বা সম্প্ৰচাৰ কৰিব নোৱাৰিব । আৰাধ্যাৰ স্বাস্থ্য সন্দৰ্ভত পূৰ্বে আপলোড কৰা যিকোনো ভিডিঅ' ইণ্টাৰনেটৰ যিকোনো চেনেলত প্ৰচাৰ হোৱা বন্ধ কৰিব লাগিব (Abhishek Bachchan) ।

গুগল এল এল চি তথা ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (গ্ৰিভেন্স চেল)কো এই গোচৰৰ পক্ষ হিচাপে লোৱা হৈছিল । ন্যায়াধীশগৰাকীয়ে কয়, যদি আৰাধ্যাৰ স্বাস্থ্য সম্পৰ্কীয় কোনো ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত থাকে তেন্তে সেই ভিডিঅ’সমূহ আঁতৰোৱাৰ বাবে গুগলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব । একে সময়তে আদালতে কেন্দ্ৰক এই সম্পৰ্কীয় বা ইয়াৰ সৈতে জড়িত সকলো ভিডিঅ’ আৰু বিষয়বস্তুৰ প্ৰৱেশ বন্ধ কৰিবলৈও নিৰ্দেশ দিয়ে (Aaradhya Bachchan HC) ।

ন্যায়াধীশগৰাকীয়ে লগতে কয়, "যথাযথ সন্মান দিয়াটো প্ৰত্যেক শিশুৰ মৌলিক অধিকাৰ । তাৰকাৰ সন্তানেই হওক বা সাধাৰণ ঘৰৰ সন্তানেই হওক । নাবালক বা নাবালিকৰা মানসিক আৰু শাৰীৰিক স্বাস্থ্য সম্পৰ্কীয় তথ্য প্ৰকাশ কৰাটো একেবাৰে বেআইনী ।" আৰাধ্যাৰ হৈ দাখিল কৰা গোচৰটোত তেওঁলোকে জনোৱা মতে, কেইবাটাও ইউটিউব চেনেলত আৰাধ্যা গুৰুতৰভাৱে অসুস্থ হোৱাৰ খবৰ প্ৰচাৰ কৰা হৈছিল ।

কেৱল ইমানেই নহয়, আৰাধ্যাৰ চিকিৎসাৰ বাবে বচ্চন পৰিয়ালে একো কৰা নাই বুলিও ভুৱা বাতৰি প্ৰচাৰ কৰা হৈছে । কিন্তু বাস্তৱত আৰাধ্যা সম্পূৰ্ণ সুস্থ ৷ আৰাধ্যাৰ হৈ অধিবক্তা দয়ান কৃষ্ণনে কয়, "ছ’চিয়েল মিডিয়াৰ এই যুগত এজন সুপৰিচিত ব্যক্তিৰ জনপ্ৰিয়তা শিশুৰ খেলত পৰিণত হৈছে । সেইবাবেই শিশুৱে এনেদৰে কষ্ট ভোগ কৰিবলগীয়া হৈছে ।"

(This story has not been edited by ETV Bharat and is auto-generated from a syndicated feed.)

লগতে পঢ়ক:Aaradhya Bachchan: কিয় ন্যায়ালয়ৰ কাষ চাপিছে আৰাধ্যা বচ্চন ? ২০ এপ্ৰিলত হ’ব শুনানি

ABOUT THE AUTHOR

...view details