চিটাৰা ডেস্ক, 3ফেব্ৰুৱাৰী :দিল্লী উচ্চ ন্যায়ালয়ে হংসল মেহতাৰ ছবি "ফৰাজ"ৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে । শুকুৰবাৰে ছবিগৃহত মুক্তি পাব এই ছবিখন ৷ 2016 চনত ঢাকাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন । বৃহস্পতিবাৰে আদালতে স্পষ্ট কৰি দিয়ে যে ছবিখন ঢাকাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা অনুপ্ৰাণিত আৰু ইয়াত দেখুওৱা উপাদানসমূহ সম্পূৰ্ণ কাল্পনিক ।
বাংলাদেশৰ ৰাজধানী ঢাকাৰ হলি আৰ্টিছান বেকাৰীত 2016 চনত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত প্ৰাণ হেৰুওৱা অবিন্ত কবীৰ তাৰিশি জৈনৰ পৰিয়ালে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল আদালতে । 3 ফেব্ৰুৱাৰীত ছবিখন মুক্তি পোৱাত আপত্তি প্ৰকাশ কৰিছিল এই আক্ৰমণৰ বলি হোৱা ব্যক্তি দুগৰাকীৰ মাতৃয়ে । ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু তালৱন্ত সিঙৰ বিচাৰপীঠে বিষয়টোৰ শুনানি 22 ফেব্ৰুৱাৰীলৈ স্থগিত ৰাখিছে ।
ছবি নিৰ্মাতাসকলৰ অধিবক্তাই স্পষ্টভাৱে উল্লেখ কৰিছে যে আপীলকাৰীসকলৰ কন্যাৰ সৈতে জড়িত আলোকচিত্ৰসমূহ ছবিখনত নাই । আদালতে এই কথা পৰ্যবেক্ষণ কৰি নিশ্চিত কৰে ৷ দুয়োগৰাকী মহিলাই ছবিখনে তেওঁলোকৰ কন্যাক ভুলকৈ চিত্ৰিত কৰিব পাৰে বুলি ভাবিছিল যি মৃতকৰ বাবে লাঞ্ছনাৰ কাৰণ হ'ব পাৰে, সেয়েহে দুই মাতৃয়ে মুক্তিৰ সময়ত স্থগিতাদেশ বিচাৰিছিল । আনহাতে দুয়ো ভুক্তভোগীৰ পৰিয়ালৰ সদস্যক ছবিখন দেখুৱাবলৈ অস্বীকাৰ কৰে ছবি নিৰ্মাতাসকলে । অৱশ্যে লণ্ডনত ছবিখন প্ৰদৰ্শিত হোৱাৰ সময়ত তেওঁলোকৰ মৃত কন্যাক দেখুওৱা হৈছিল ।
দিল্লী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে ইয়াৰ পূৰ্বে 2022 চনত গোচৰটো খাৰিজ কৰিছিল । আদালতে নিৰ্দেশ দিছিল যে প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত ছবিখন নিষিদ্ধ কৰিব নোৱাৰি । পৰিয়ালটোৱে ইয়াৰ পিছত পুনৰ আদালতৰ কাষ চাপে ৷
লগতে পঢ়ক :বলীউডত সম্পূৰ্ণ কৰা চল্লিছ বছৰীয়া যাত্ৰাৰ ফটো শ্বেয়াৰ কৰিছে অনিল কাপুৰে