অসম

assam

ETV Bharat / entertainment

Deepika Padukone: ট্ৰলিঙৰ মাজতে দীপিকাই শ্বেয়াৰ কৰিলে এটা ভিডিঅ’, সমালোচকে দিলে উপযুক্ত উত্তৰ - কফি উইথ কৰণ ৮

‘কফি উইথ কৰণ ৮’ত গোপন কথা প্ৰকাশ কৰাৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচিত হ’ল বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন । ইফালে অভিনেত্ৰীগৰাকীয়ে এটা ধেমেলীয়া ভিডিঅ’ শ্বেয়াৰ কৰি সমালোচকক দিলে উপযুক্ত উত্তৰ ।

Deepika Padukone hops on viral "just looking like a wow" trend, Ranveer reacts
দীপিকা পাডুকনে ট্ৰ’লাৰক দিলে উপযুক্ত উত্তৰ

By ANI

Published : Oct 29, 2023, 1:04 PM IST

Updated : Oct 29, 2023, 1:45 PM IST

চিটাৰা ডেস্ক, 29 অক্টোবৰ: শেহতীয়াকৈ কৰণ জোহৰৰ টক শ্ব’ ‘কফী উইথ কৰণ ৮’ত দেখা গৈছিল বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকনক । ইফালে, শ্ব’টোত ৰণবীৰ সিঙৰ সৈতে সম্পৰ্কক লৈ অভিনেত্ৰীগৰাকীয়ে কিছু গোপন কথা প্ৰকাশ কৰিছিল ৷ ইয়াৰ পিচতে অভিনেত্ৰীগৰাকীক ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল কৰা হৈছে । এতিয়া দীপিকাই ট্ৰ’লাৰক দিলে উপযুক্ত উত্তৰ ।

দীপিকা পাডুকনে ট্ৰ’লাৰক দিলে উপযুক্ত উত্তৰ

শেহতীয়াকৈ দীপিকা পাডুকনে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, যিটো ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । ভাইৰেল মিমত দীপিকাই নিজৰ এটা ধেমেলীয়া ভিডিঅ' বনাইছে, য’ত তেওঁ নিজকে কৈছে 'Just looking like a wow ৷’

ভিডিঅ’টোত ৰণবীৰ সিঙে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

দীপিকাৰ এই ধেমেলীয়া ভিডিঅ’টোত অনুৰাগীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইফালে অনুৰাগীৰ লগতে স্বামী ৰণবীৰ সিঙেও এই ভিডিঅ’টোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ৰণবীৰে কমেন্টত লিখিছে, ‘‘HAHAHAHAHAHAHAHAHAAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHAHA !!!!! DEDD !!!!!’’

কিয় ট্ৰ’ল কৰা হৈছিল দীপিকাক ?

উল্লেখ্য যে শেহতীয়াকৈ কফী উইথ কৰণ ৮ ত দীপিকাই ৰণবীৰ সিঙৰ সৈতে থকা সম্পৰ্কৰ কথা মুকলিকৈ কৈছিল । অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘প্ৰথম অৱস্থাত মই ৰণবীৰ সিঙক গুৰুত্বসহকাৰে লোৱা নাছিলো । সেই সময়ত মই এটা বেয়া সম্পৰ্কৰ পৰা ওলাই আহিছিলোহে । গতিকে তেনে সময়ত মই কাৰো লগত চিৰিয়াচ হোৱাৰ মন নাছিল, মই কেৱল ফূৰ্তি কৰিব বিচাৰিছিলো । সেয়ে মই ৰণবীৰৰ উপৰিও বেলেগ লোককো চাইছিলো ৷ কিন্তু মই পুনৰ ৰণবীৰৰ ওচৰলৈ ঘূৰি আহিছিলো ৷’’

এই প্ৰকাশৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচিত হয় দীপিকা ৷ একাংশই কয় যে ৰণবীৰে দীপিকাতকৈ ভাল সংগী প্ৰাপ্যৰ যোগ্য ৷ আন একাংশই আকৌ দীপিকা আৰু ৰণবীৰৰ এই সম্পৰ্কক ভুৱা বুলি আখ্যা দিয়ে ।

লগতে পঢ়ক:Koffee With Karan 8: দীপিকা-ৰণবীৰৰ বিয়াৰ ভিডিঅ’ চাই অকলশৰীয়া অনুভৱ কৰিলে কৰণে, প্ৰকাশ কৰিলে মনৰ কথা

Last Updated : Oct 29, 2023, 1:45 PM IST

ABOUT THE AUTHOR

...view details