চিটাৰা ডেস্ক, 15 নৱেম্বৰ:শেহতীয়াকৈ দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে উদযাপন কৰিছে পঞ্চম বিবাহ বাৰ্ষিকী । ১৪ নৱেম্বৰত দীপিকা-ৰণবীৰৰ বিবাহৰ পাঁচ বছৰ সম্পূৰ্ণ হয় ৷ পঞ্চম বিবাহ বাৰ্ষিকী এই দম্পতীয়ে বেলজিয়ামত উদযাপন কৰে । এইখিনিতে উল্লেখ কৰিব লাগিব যে শেহতীয়াকৈ দীপিকাই স্বামী ৰণবীৰৰ সৈতে কৰণ জোহৰৰ জনপ্ৰিয় টক শ্ব’ কফি উইথ কৰণ ছিজন 8 ত অংশগ্ৰহণ কৰিছিল ৷ য’ত দীপিকা পাডুকনে প্ৰকাশ কৰিছিল কিছু গোপন কথা ৷ দীপিকাৰ এই প্ৰকাশৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হয় অভিনেত্ৰীগৰাকী ৷ এতিয়া ট্ৰ’লৰ সন্দৰ্ভত পোন প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে ৷ অভিনেত্ৰীগৰাকীয়ে কয় যে মই কাৰো সন্মুখত ভুল স্বীকাৰ কৰিবলৈ ভয় নকৰো ।
শেহতীয়াকৈ দীপিকা পাডুকনে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল । এই অনুষ্ঠানটোত দীপিকাই কফি উইথ কৰণ ছিজন 8 ত নিজৰ আৰু ৰণবীৰৰ সম্পৰ্ক প্ৰকাশ কৰাৰ পিচত ট্ৰ’ল হোৱা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অভিনেত্ৰীগৰাকীয়ে কয়- ‘‘যেতিয়া মই কিবা এটা কথাত সঁচা অৰ্থত প্ৰবল বা আবেগিক অনুভৱ কৰো, তেতিয়া মই মোৰ মনৰ কথা প্ৰকাশ কৰাৰ কথা দ্বিতীয়বাৰ নাভাবো । মই এনে এগৰাকী ব্যক্তি হৈ পৰিছো য’ত মই সঁচা কথা ক'বলৈ বা ভুল স্বীকাৰ কৰিবলৈ ভয় নকৰো ।’’