চিটাৰা ডেস্ক, 19মে’:ফ্ৰান্সত অনুষ্ঠিত হৈ আছে ৭৫ তম কান চলচ্চিত্ৰ মহোৎসৱ । ১৭ মে'ৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱ ২৮ মে’লৈকে চলিব । এইবাৰ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ বহু তাৰকাই অংশ লৈছে এই মহোৎসৱত । এ আৰ ৰহমানো উপস্থিত হৈছেগৈ ফ্ৰান্সত (Cannes 2022 update) ৷ ইতিমধ্যেই কান মহোৎসৱলৈ যোৱা সকলো তাৰকাৰে নাম আৰু ফটো প্ৰকাশ পাইছে ।
সম্প্ৰতি ভাইৰেল হৈ পৰা কান মহোৎসৱৰ এটা ভিডিঅ'ত ভাৰতীয় অভিনেত্ৰীসকলক একেলগে নৃত্য কৰি থকা দেখিবলৈ পোৱা গৈছে । বিখ্যাত 'ঘূমৰ' শীৰ্ষক গীতটোত নৃত্য কৰিলে দীপিকা, তামান্না, পূজা আৰু উৰ্ৱশীয়ে (Bollywood actress in cannes 2022) ।
দৰাচলতে, কানত উপস্থিত হোৱা ভাৰতীয় প্ৰতিনিধি দলৰ এখন সন্মিলনত বিখ্যাত লোকসংগীত শিল্পী মামী খানে দীপিকা পাডুকন অভিনীত চুপাৰহিট ছবি 'পদ্মাৱত'ৰ 'ঘূমৰ' গীতটো গুণগুণাইছিল ৷ গীতটো শুনি দীপিকা পাডুকন, উৰ্বশী ৰৌতেলা, পূজা হেগড়ে আৰু তামান্না ভাটিয়াই নিজকে ৰখাব নোৱাৰিলে আৰু সকলোৱে একেলগ হৈ নৃত্য কৰিলে গানটোত ।