অসম

assam

ETV Bharat / entertainment

David Warner news: অভিনেতা ডেভিড ৱাৰ্নাৰৰ ৮০ বছৰ বয়সত মৃত্যু

দ্য অমেন, ট্ৰন, টাইটানিক আদি কেইবাখনো ছবিত স্মৰণীয় অভিনয় কৰা প্ৰবীণ ব্ৰিটিছ অভিনেতা ডেভিদ ৱাৰ্নাৰৰ মৃত্যু ঘটিছে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ ।

By

Published : Jul 26, 2022, 2:13 PM IST

David Warner
অভিনেতা ডেভিড ৱাৰ্নাৰৰ ৮০ বছৰ বয়সত মৃত্যু

চিটাৰা ডেস্ক, 26 জুলাই : ১৯৭৬ চনৰ বিখ্যাত ভৌতিক ছবি দ্য অমেনত মূল ভূমিকাত অভিনয় কৰা আৰু টাইম আফটাৰ টাইম, টাইম বেণ্ডিটছ এণ্ড ট্ৰনৰ খলনায়ক হিচাপে ৰূপালী পৰ্দাত স্মৰণীয় অভিনয় কৰা এমি বঁটা বিজয়ী ব্ৰিটিছ অভিনেতা ডেভিদ ৱাৰ্নাৰৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে ৷ ৮০ বছৰ বয়সত পৰলোকগামী হয় অভিনেতাজন (David Warner news)।

অভিনেতাজনৰ পৰিয়ালে এক বিবৃতিত কয় যে, "তেওঁক আমাৰ পৰিয়াল তথা বন্ধু-বান্ধৱীয়ে খুব মনত পেলাব আৰু সদায় এজন উদাৰ আৰু দয়ালু মানুহ, সংগী তথা পিতৃ হিচাপে স্মৰণ কৰিব ৷ বছৰ বছৰ ধৰি তেওঁৰ অসাধাৰণ কামবোৰে বহুতৰ জীৱনক স্পৰ্শ কৰিছে, আমি বৰ্তমান ভাঙি পৰিছোঁ" ৷

১৯৭৮ চনৰ ল্যাণ্ডমাৰ্ক মিনিচিৰিজ হ'ল'কাষ্টত ফাইনেল ছলিউচনৰ মূল স্থপতিবিদ ৰেইনহাৰ্ড হেইড্ৰিচৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে ৱাৰ্নাৰে এমি বঁটা লাভ কৰিছিল ৷ তাৰ পিছত ১৯৮১ চনৰ মিনিচিৰিজ মাছাডাত চেডিষ্টিক ৰোমান ৰাজনৈতিক সুবিধাবাদী পম্পোনিয়াছ ফালকোৰ চৰিত্ৰত অভিনয় কৰি পুনৰবাৰ এমি বঁটা লাভ কৰিছিল । ১৯৯৭ চনত জেমছ কেমেৰণৰ মহাকাব্যিক টাইটানিকটো অভিনয় কৰিছিল তেওঁ ৷

শেহতীয়াকৈ ৱাৰ্নাৰে ডিজনীৰ মেৰী পপিন্স ৰিটাৰ্ণছ (২০১৮) আৰু ইউ, মি এণ্ড হিম (২০১৭) আৰু ২০১৪ চনত শ্ব’টাইমৰ পেনি ড্ৰেডফুলত ড্ৰেকুলাৰ চৰিত্ৰl অধ্যাপক আব্ৰাহাম ভ্যান হেলছিঙৰ চৰিত্ৰত অভিনয় কৰিছিল ।

৭০ৰ দশকৰ মাজভাগৰ পৰা ৮০ৰ দশকৰ মাজভাগলৈকে সম্ভৱতঃ ৱাৰ্নাৰৰ কেৰিয়াৰে গতি লাভ কৰিছিল ৷ দ্য অমেনৰ ছবিখনৰ চৰিত্ৰটোৱে তেওঁক সফলতাৰ শিখৰলৈ লৈ গৈছিল ৷

লগতে পঢ়ক:নিবস্ত্ৰ 53 বছৰীয়া জেনিফাৰ লোপেজ; উশাহ চুটি হৈ পৰিল অনুৰাগীৰ !

ABOUT THE AUTHOR

...view details