অসম

assam

ETV Bharat / entertainment

জন্মদিনৰ পূৰ্বে উপহাৰ স্বৰূপ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ আগবঢ়োৱা হ'ব দাদাচাহেব ফাল্কে বঁটা - পৰিচালক ৰাজ খোছলা

চলচ্চিত্ৰ জগতৰ সৰ্ববৃহৎ সন্মানেৰে সন্মানিত হ’ব বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক। আশা পাৰেখক এইবাৰৰ দাদাচাহেব ফালকে বঁটা ২০২২ৰে সন্মানিত কৰা হ’ব । মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই বঁটা ঘোষণা কৰে । ৩০ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব এই বঁটা । আশা পাৰেখ এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী প্ৰযোজক আৰু পৰিচালক হিচাপেও কাম কৰি আহিছে । ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰিছে ।

dadasaheb-phalke-award-to-be-given-to-veteran-actress-asha-parekh-this-year
জন্মদিনৰ পূৰ্বে উপহাৰ স্বৰূপ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখলৈ আগবঢ়োৱা হ'ব দাদাচাহেব ফাল্কে বঁটা

By

Published : Sep 27, 2022, 3:18 PM IST

Updated : Sep 28, 2022, 10:17 AM IST

চিটাৰা ডেস্ক, 27 ছেপ্টেম্বৰ: চলচ্চিত্ৰ জগতৰ সৰ্ববৃহৎ সন্মানেৰে সন্মানিত হ’ব বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখক । আশা পাৰেখক এইবাৰৰ দাদাচাহেব ফালকে বঁটা ২০২২ৰে সন্মানিত কৰা হ’ব । মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে এই বঁটা ঘোষণা কৰে । ৩০ ছেপ্টেম্বৰত প্ৰদান কৰা হ’ব এই বঁটা । আশা পাৰেখ এগৰাকী অভিনেত্ৰীৰ লগতে এগৰাকী প্ৰযোজক আৰু পৰিচালক হিচাপেও কাম কৰি আহিছে । ইয়াৰ পূৰ্বেও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰীৰে সন্মানিত কৰিছে (Asha Parekh Awards) ।

আপোনালোকক জনাওঁ যে আশা পাৰেখে শিশু শিল্পী হিচাপে বেবী আশা পাৰেখ নামেৰে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল । বিখ্যাত চলচ্চিত্ৰ পৰিচালক বিমল ৰায়ে এক মঞ্চ অনুষ্ঠানত তেওঁৰ নৃত্য দেখি দহ বছৰ বয়সতে মা (১৯৫২) ছবিত অভিনয়ৰ প্ৰস্তাৱ দিছিল আৰু তাৰ পিছত বাপ বেটিত (১৯৫৪) পুনৰ অভিনয়ৰ বাবে প্ৰস্তাৱ দিছিল ।

ষোল্ল বছৰ বয়সতে পুনৰ অভিনয়ৰ চেষ্টা কৰি নায়িকা হিচাপে আত্মপ্ৰকাশ কৰে (Dadasaheb Phalke award 2022) । চলচ্চিত্ৰ নিৰ্মাতা সুবোধ মুখাৰ্জী আৰু লেখক-পৰিচালক নাছিৰ হুছেইনে শম্মি কাপুৰৰ বিপৰীতে ছবি ‘দিল দেকে দেখো’ (১৯৫৯)ত নায়িকাৰ চৰিত্ৰত অভিনয় কৰাৰ সুযোগ দিছিল আশা পাৰেখক । এই ছবিখনৰ সফলতাৰ লগে লগে তেওঁ এগৰাকী ডাঙৰ অভিনেত্ৰীৰ উপাধি লাভ কৰে । এই ছবিখনৰ পিছৰ পৰাই নাছিৰ হুছেইনৰ সৈতে তেওঁৰ দীঘলীয়া আৰু ফলপ্ৰসূ সম্পৰ্ক আছিল ।

তেওঁ আৰু ৬ খন ছবিত আশাক নায়িকা হিচাপে লৈছিল । ছবি কেইখন ক্ৰমান্বয়ে জব প্যাৰ কিছি ছে হোটা হ্যে (১৯৬১), ফিৰ ৱহি দিল লায়া হু(১৯৬৩), তিশৰী মানজিল (১৯৬৬), বাহাৰো কে চপনে (১৯৬৭), প্যাৰ কা মৌছাম (১৯৬৯) আৰু কাৰৱান (১৯৭১) মানজিল (১৯৮৪) (Jab Pyaar Kisi Se Hota Hai (1961), Phir Wohi Dil Laaya Hu (1963), Tishri Manzil (1966), Baharo Ke Sapne (1967), Pyaar Ka Mousam (1969) and Karwan (1971). Manzil (1984))। আশা পাৰেখ মূলতঃ এগৰাকী গ্লেমাৰ গাৰ্ল আৰু তেওঁৰ প্ৰায়বোৰ ছবিতে উৎকৃষ্ট নৃত্যশিল্পী হিচাপে পৰিচিত আছিল(Asha Parekh films)।

দো বদন (১৯৬৬), চিৰাগ (১৯৬৯) আৰু মেঁ তুলসী তেৰে আংগন কি (১৯৭৮) আদি চলচ্চিত্ৰত তেওঁৰ অভিনয়ে ব্যাপক চৰ্চা লাভ কৰিছিল । পৰিচালক শক্তি সমন্তই তেওঁৰ আন আন ছবি পাগলা কঁহী কা (১৯৭০) আৰু কাটি পতং (১৯৭০)ত তেওঁক অধিক নাটকীয় চৰিত্ৰ ৰূপায়ন কৰিবলৈ দিছিল(Do Badan (1966), Chirag (1969) and Main Tulsi Tere Aangan Ki (1978), Pagla Kahin Ka (1970) and Kati Patang (1970)) । তদুপৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটাও ইতিমধ্যে লাভ কৰিছে আশা পাৰেখে ।

লগতে পঢ়ক:Ram Setu poster, অক্ষয় কুমাৰৰ নতুন ছবি ৰাম সেতুৰ টিজাৰ মুকলি

Last Updated : Sep 28, 2022, 10:17 AM IST

ABOUT THE AUTHOR

...view details