চিটাৰা ডেস্ক, ১৯ ডিচেম্বৰ: দক্ষিণ চিনেমাৰ পৰা বলীউডলৈ উৎকৃষ্ট অভিনয়ৰে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে বিদ্যুৎ জামৱালে । অভিনেতাজনৰ অভিনয়ৰ লগতে তেওঁৰ একশ্যন দৃশ্যৰ বাবে মন্ত্ৰমুগ্ধ অনুৰাগী । একে সময়তে বিদ্যুতৰ ষ্টাণ্ট অবিহনেও যেন অসম্পূৰ্ণ তেওঁৰ ছবিবোৰ । এনে পৰিস্থিতিত অনুৰাগীয়ে আগ্ৰহেৰে তেওঁৰ নতুন ছবিৰ বাবে অপেক্ষা কৰে । এতিয়া অতি সোনকালেই বিদ্যুতক দেখা পোৱা যাব তেওঁৰ আগন্তুক ছবি ‘ক্ৰেক-জীতেগা তো জিয়েগা’ত । ইফালে নিৰ্মাতাই আজি মুকলি কৰিছে ছবিখনৰ টিজাৰ । বিদ্যুতৰ প্ৰচণ্ড একশ্যন পুনৰ এই ছবিখনত দেখা যাব ।
এই টিজাৰটোত দেখা গৈছে যে একাংশ মানুহে জীৱন-মৃত্যুৰ খেল খেলিছে আৰু এই মানুহবোৰ হৈছে খেলুৱৈ । এই খেলখনত সকলোৱে বিপজ্জনক স্তৰৰ মাজেৰে আগবাঢ়িব লাগিব ।
আমোদজনক কথাটো হ’ল জীয়াই থকাসকলেহে এই খেলখনত আগবাঢ়ি যাব পাৰিব । এই সময়চোৱাত বিদ্যুতে নিজৰ ষ্টাণ্ট আৰু একশ্যনেৰে দৰ্শকক মনোৰঞ্জন দি আছে । টিজাৰটোৰ পৰা ক’ব পাৰি যে ছবিখনৰ কাহিনীটো যথেষ্ট আকৰ্ষণীয় হ’ব । অৱশ্যে ছবিখন মুক্তি পোৱাৰ পিচত হে সম্পূৰ্ণ কাহিনী গম পোৱা যাব ।