চিটাৰা ডেস্ক, 16 আগষ্ট: অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজলৈ দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টৰ ডাঙৰ সকাহ । সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্নাণ্ডেজক আদালতে পূৰ্বে বিনা অনুমতিত বিদেশলৈ যোৱাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছিল ৷ এতিয়া দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে এই ক্ষেত্ৰত জেকলিনক এক বৃহৎ সকাহ প্ৰদান কৰিছে ৷ এতিয়া অনুমতি অবিহনে জেকলিনক বিদেশলৈ যোৱাৰ অনুমতি প্ৰদান কৰিছে দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে ৷ পাটিয়ালা হাউছ আদালতে জেকলিনৰ জামিনৰ চৰ্ত সলনি কৰাৰ সিদ্ধান্ত লয় আৰু কয় যে তেওঁ দেশ এৰি যোৱাৰ ৩ দিনৰ আগতে আদালত আৰু ইডিক অৱগত কৰিব লাগিব ৷
ইডিক ৩ দিন আগতে অৱগত কৰিব লাগিব জেকলিনে
দেশৰ বাহিৰলৈ যোৱাৰ পূৰ্বে জেকলিনে ইডি আৰু আদালতক তিনিদিন আগতীয়াকৈ অৱগত কৰিব লাগিব । অৰ্থাৎ জেকলিনে যদি নিজৰ কোনো প্ৰজেক্টৰ সৈতে জড়িত হৈ বিদেশলৈ যায়, তেন্তে আদালতৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই । যোৱা বছৰৰ নৱেম্বৰ মাহত ধন সৰবৰাহৰ গোচৰত জেকলিন ফাৰ্নাণ্ডেজক জামিন প্ৰদান কৰাৰ সময়ত আদালতে চৰ্ত দিছিল যে আদালতৰ পূৰ্বৰ অনুমতি অবিহনে তেওঁ দেশ এৰি যাব নোৱাৰিব । কিন্তু বৰ্তমান আদালতে জামিনৰ চৰ্ত কিছু শিথিল কৰে ৷
বিদেশলৈ যোৱাৰ আগতে দিব লাগিব সবিশেষ