অসম

assam

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 3:41 PM IST

ETV Bharat / entertainment

ICC World Cup 2023 Anthem: বিশ্বকাপ ২০২৩ৰ গীত মুকলি, ৰণবীৰ সিং আৰু প্ৰীতমৰ যুটিয়ে আলোড়নৰ সৃষ্টি কৰিছে ছ’চিয়েল মিডিয়াত

এদিনীয়া বিশ্বকাপ ২০২৩ৰ কাউণ্টডাউন আৰম্ভ । ৫ অক্টোবৰৰ পৰা আৰম্ভ এই খেলখন ৷ ইয়াত ১০টা দলে অংশগ্ৰহণ কৰিব। আজি দিনৰ ১২ বজাত আই চি চিৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ গীত মুকলি কৰা হৈছে।

'Could've been more of cricket than Ranveer': Fans pan official anthem of ICC Cricket World Cup 2023 Dil Jashn Bole
বিশ্বকাপৰ গীত মুকলি

চিটাৰা ডেস্ক, ২০ ছেপ্টেম্বৰ: আৰম্ভ হৈছে এদিনীয়া বিশ্বকাপ ২০২৩ ৰ কাউণ্টডাউন। ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’বলগীয়া এই খেলত ১০টা দলে অংশগ্ৰহণ কৰিব । ইয়াৰ মাজতে আজি দিনৰ ১২ বজাত আই চি চিৰ এদিনীয়া বিশ্বকাপ ২০২৩ৰ এনথেম গীত মুকলি কৰিছে ৷ গীতটিৰ নাম 'দিল জশ্ন বলে'।

এই গীতটি ৰচনা কৰিছে জনপ্ৰিয় সংগীত শিল্পী প্ৰীতমে । আইচিচিয়ে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) একাউণ্টত এই গীতটিৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই গীতটিত বলীউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং আৰু বলীউডৰ গায়ক প্ৰীতমে অভিনয় কৰা দেখা গৈছে ৷ ইফালে অনুৰাগীয়ে গীতটি পছন্দ কৰিছে ।

আইচিচিয়ে শ্বেয়াৰ কৰা এদিনীয়া বিশ্বকাপৰ এনথেম গীতৰ ভিডিঅ’টোত ৰণবীৰ সিঙে নীলা ৰঙৰ চাৰ্ট, মেৰুণ ৰঙৰ ব্লেজাৰ আৰু মেচিং টুপী পৰিধান কৰা দেখা গৈছে। ভিডিঅ’টোত ১০খন দেশৰ জাৰ্চি পৰিধান কৰা অনুৰাগীসকলক দেখা গৈছে ।

২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে মুকলি কৰা গীতটিত দেখা গৈছে যে অভিনেতা ৰণবীৰ সিঙৰ ৰে’লত প্ৰৱেশ, য’ত তেওঁ এটি শিশুক কোৱা দেখা গৈছে, বেটা, তুমি ফেন নহয় নেকি । ইয়াৰ পিছত শিশুটিয়ে কয় ফেন মানে কি ? ইয়াৰ পিচত ৰে’লৰ ভিতৰত আৰু ৰে’লৰ ওপৰত ৰণবীৰ সিঙে নৃত্য প্ৰদৰ্শন কৰে । অভিনেতাগৰাকীৰ লগতে কণ্ঠশিল্পী প্ৰীতমেও গীত গোৱাৰ সময়ত এক সুন্দৰ সময় পাৰ কৰা দেখা যায় । দিল জশ্ন-জশ্ন বলে.... গীতটি অনুৰাগীয়ে বহুত ভাল পাইছে।

ভিডিঅ’টোত সংগীতজ্ঞ প্ৰীতমেও ৰে’লৰ চাদত গীটাৰ বজাই থকা দেখা গৈছে । ইয়াৰ উপৰিও কমেন্টেটৰ যতীন সপ্ৰুকো ভিডিঅ’টোত দেখা গৈছে।

ICC World Cup Anthem ত দেখা গৈছে যুজেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী ভাৰ্মাকো

আই চি চিৰ বিশ্বকাপৰ গীতত যুজবেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী ভাৰ্মাকো দেখা গৈছে। ধনশ্ৰীয়ে ৰণবীৰ সিঙৰ সৈতে নৃত্য কৰে ৷ অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত গীতটিক লৈ ইতিমধ্যেই বহু টুইট শ্বেয়াৰ কৰিছে। উল্লেখ্য যে এদিনীয়া বিশ্বকাপৰ দলত চাহালক সুযোগ দিয়া হোৱা নাই যদিও ধনশ্ৰী ভাৰ্মাক এদিনীয়া বিশ্বকাপৰ অংশ হিচাপে লোৱা হৈছে । এই গীতটিত তেওঁ সুযোগ পাইছে।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ ২০২৩

উল্লেখ্য যে ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ ২০২৩, যাৰ চূড়ান্ত মেচ ১৯ নৱেম্বৰত অনুষ্ঠিত হ’ব । এদিনীয়া বিশ্বকাপৰ প্ৰথমখন খেল ইংলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব । ইফালে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতীয় দলটোৱে অভিযান আৰম্ভ কৰিব অহা ৮ অক্টোবৰত । এছিয়া কাপ ২০২৩ ত খিতাপ দখল কৰাৰ পিচত ভাৰতীয় দলটোৱে ১২ বছৰৰ পাচত বিশ্বকাপ জয়ৰ যুঁজা চলাব ৷

এদিনীয়া বিশ্বকাপ ২০২৩ৰ বাবে ভাৰতীয় দল হৈছে- ৰোহিত শৰ্মা (অধিনায়ক), হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়স আয়াৰ, ঈশান কিষাণ, কে এল ৰাহুল, সূৰ্য্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামী, মহম্মদ চিৰাজ আৰু কুলদীপ যাদৱ।

লগতে পঢ়ক:KBC 15: দক্ষিণ ভাৰতীয়ৰ পৰম্পৰাগত সাজ লুংগী পৰিধান কৰি কেবিচিৰ মঞ্চত দৌৰিলে বিগ বিয়ে, চাওক ফটো....

ABOUT THE AUTHOR

...view details