অসম

assam

ETV Bharat / entertainment

শ্বমছেৰাৰ ব্যৰ্থতাৰ প্ৰসংগত কৰণ মলহোত্ৰাই ক’লে,‘ইমানখিনি ঘৃণা সহ্য কৰিব নোৱাৰো’!

ৰণবীৰ কাপুৰ আৰু সঞ্জয় দত্ত অভিনীত ছবি ‘শ্বমছেৰা’ই মুক্তিৰ মাথো ৫ দিনৰ ভিতৰতে বক্স অফিচত মুখ থেকেচা খালে । এই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত আহি নিজৰ বেদনা ব্যক্ত কৰিছে ছবিখনৰ পৰিচালকজনে (Karan Malhotra on shamshera)।

Karan Malhotra
‘ইমানখিনি ঘৃণা সহ্য কৰিব নোৱাৰো’!

By

Published : Jul 28, 2022, 5:05 PM IST

চিটাৰা ডেস্ক, 28 জুলাই :ৰণবীৰ কাপুৰে চাৰি বছৰৰ অন্তত শ্বমছেৰাৰ জৰিয়তে ডাঙৰ পৰ্দালৈ প্ৰত্যাৱৰ্তন কৰে ৷ কিন্তু ৰণবীৰ কাপুৰে আশা কৰা মতে নাপালে ফল ৷ দৰ্শকেও নাপালে ৰণবীৰক বিচৰা ধৰণে পৰ্দাত ৷ যোৱা ২২ জুলাইত সমগ্ৰ ভাৰততে মুক্তি লাভ কৰিছিল ছবিখনে । ১৫০ কোটিৰ বাজেটত নিৰ্মিত এই ছবিখনে ৫ দিনৰ ভিতৰতে বেয়াকৈ মুখ থেকেচা খালে বক্স অফিচত । এতিয়া ছবিখনৰ পৰিচালক কৰণ মলহোত্ৰাই ছবিখন ফ্লপ হোৱাৰ পিছত ছ’চিয়েল মিডিয়াত নিজৰ বেদনা ব্যক্ত কৰিছে (Karan Malhotra on shamshera) । ছবিখন ফ্লপ হোৱাত আঘাত পাইছে যদিও শ্বমছেৰাক নিজৰ বুলি অভিহিত কৰিছে পৰিচালকগৰাকীয়ে ।

'তুমি মোৰ শ্বমছেৰা'

ছবিখন সন্দৰ্ভত কৰণে নিজৰ ইনষ্টাগ্ৰামত লিখিছে, ‘মোৰ প্ৰিয় শ্বমছেৰা, তুমি তেজস্বী, মোৰ বাবে এই প্লেটফৰ্মত নিজকে প্ৰমাণ কৰাটো অতি জৰুৰী, কাৰণ এইখনেই সেই ঠাই য’ত প্ৰেম, ঘৃণা, উদযাপন আৰু অপমান তোমাৰ বাবে সকলোবোৰ থাকে ৷ বিগত কেইদিনমানৰ পৰা তোমাক এনেকৈ এৰি দিয়াৰ বাবে বাৰে বাৰে ক্ষমা বিচাৰিছো, কাৰণ সেই ঘৃণা আৰু খং মই সহ্য কৰিব পৰা নাছিলো' (Karan Malhotra instagram) ।

কৰণ মালহোত্ৰাই অতি দুখেৰে আৰু লিখিছে, ‘এনেকৈ বিচ্ছিন্ন হৈ থকাটো মোৰ দুৰ্বলতা আছিল আৰু ইয়াৰ অইন কোনো অজুহাত নাই, কিন্তু এতিয়া মই ইয়াত আছো, তোমাৰ সৈতে থিয় হৈ আছো, গৌৰৱ আৰু সন্মান অনুভৱ কৰিছো যে তুমি মোৰ হয়, আমি দুয়ো একেলগে সকলোৰে সন্মুখীন হ’ম ৷ ভাল, বেয়া সকলোৰে একেলগে সন্মুখীন হ’ম আৰু শ্বমছেৰা পৰিয়াল, অভিনেতা-অভিনেত্ৰী, আৰু ক্ৰুলৈ বহুত অভিনন্দন, আমাক যি মৰম, যত্ন আৰু আশীৰ্বাদ দিলে সেয়া অমূল্য আৰু কোনেও সেইয়া আমাৰ পৰা কাঢ়ি নিব নোৱাৰে’ ।

'শ্বমছেৰা'ৰ উপাৰ্জন

ৰণবীৰ কাপুৰ, বাণী কাপুৰ, সঞ্জয় দত্ত, ৰণিত ৰয়, সৌৰভ শুক্লাৰ দৰে কিংবদন্তি তাৰকাৰ সংমিশ্ৰণ ‘শ্বমছেৰা’ ছবিখনে পাঁচ দিনত ৫০ কোটি টকাৰ সীমাও স্পৰ্শ কৰিব নোৱাৰিলে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি যোৱা সোমবাৰে ছবিখনৰ উপাৰ্জন ৬৫ শতাংশ হ্ৰাস পাইছে । এনে অৱস্থাত ১৫০ কোটিত নিৰ্মিত এই ছবিখনে বৰ বেয়াকৈ মাৰ খালে বক্স অফিচত ।

লগতে পঢ়ক :ক্ৰুটি বিহীন ফটোশ্বুটেৰে ৰণবীৰ বাণীয়ে আমোদ দিছে অনুৰাগীক

ABOUT THE AUTHOR

...view details