চিটাৰা ডেস্ক, ২২ ডিচেম্বৰ :২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত কাৰাবাস খাটি আছে প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰ ৷ বলীউডৰ বহু অভিনেত্ৰীক বিলাসী উপহাৰ দি প্ৰেমৰ জালত পেলাইছিল সুকেশে ৷ এই তালিকাৰ শীৰ্ষত নাম আছে জেকলিন ফাৰ্নাণ্ডেজৰ ৷ সুকেশে কাৰাগাৰৰ পৰাই বহুবাৰ চিঠিৰ জৰিয়তে জেকলিনৰ বাবে প্ৰকাশ কৰি আহিছে নিজৰ প্ৰেম ৷ বহুবাৰ কাৰাগাৰৰ পৰা প্ৰেম পত্ৰ প্ৰেৰণ কৰিছে সুকেশে ৷ কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে জেকলিনলৈ প্ৰেম পত্ৰৰ সলনি ভাবুকি পত্ৰ প্ৰেৰণ কৰিছে ৷
শেহতীয়াকৈ জেকলিনে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল যে সুকেশক তেওঁৰ বিৰুদ্ধে তথ্য দিয়া বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হওক । সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত ২০০ কোটি টকাৰ ধন সৰবৰাহৰ গোচৰত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এফআইআৰ বাতিল কৰিবলৈও অনুৰোধ জনাইছিল ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সুকেশে জেকলিনৰ নাম নোলোৱাকৈ এখন চিঠি প্ৰেৰণ কৰিছে । চিঠিখনত নাম নোলোৱাকৈয়ে এগৰাকী ব্যক্তিৰ প্ৰকৃত মুখা উদঙাই দিব বুলি ভাবুকি প্ৰদান কৰিছে প্ৰৱঞ্চকটোৱে । লগতে চিঠিখনত কৈছে যে সেই ব্যক্তিগৰাকীৰ মেছেজ, স্ক্ৰীণশ্বট আৰু ৰেকৰ্ডিং মুকলি কৰিব । প্ৰতিবেদন অনুসৰি, সুকেশে দাবী কৰে যে তেওঁ এই ব্যক্তিগৰাকীৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ ফ’ল’ৱাৰ বৃদ্ধিৰ বাবে ধন দিছিল ।