চিটাৰা ডেস্ক, 9 মে’ : মুক্তিৰ পূৰ্বেই বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ‘The Kerala Story’ ছবিখন ৷ 5 মে’ত মুক্তি পোৱাৰ পিচতে ছবিখনক লৈ সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ (Controversial film the Kerala story) ৷ বহু ৰাজ্যই ইতিমধ্যেই ছবিখন নিষিদ্ধ কৰিছে ইয়াৰ বিপৰীতে আন একাংশ ৰাজ্যত আকৌ কৰমুক্ত কৰা হৈছে ছবিখন । শেহতীয়াকৈ মধ্যপ্ৰদেশত ছবিখন কৰমুক্ত কৰাৰ পিচত এতিয়া উত্তৰ প্ৰদেশতো ছবিখনক কৰমুক্ত কৰা হৈছে (UP CM Yogi Adityanath on kerala story) ।
উত্তৰ প্ৰদেশত কৰমুক্ত কৰা হ’ব ‘দ্য কেৰালা ষ্ট’ৰী’
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে টুইটযোগে কয় যে উত্তৰ প্ৰদেশ চৰকাৰে সদ্য মুক্তি পোৱা ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ক ৰাজ্যত কৰমুক্ত ঘোষণা কৰিব । মুখ্যমন্ত্রী সচিবালয়ে কয় যে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথে তেওঁৰ কেবিনেট সতীর্থসকলৰ সৈতে লোকভৱনত অনুষ্ঠিত হ’বলগীয়া বিশেষ প্রদর্শনত ছবিখন চাব পাৰিব (Uttar Pradesh Chief Minister Yogi Adityanath) ৷
‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন কৰমুক্ত হোৱা দ্বিতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে ইউ পি
উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বিজেপিৰ সম্পাদক ৰাঘবেন্দ্ৰ মিশ্ৰই শেহতীয়াকৈ লক্ষ্ণৌত ১০০ গৰাকী কন্যা ছাত্ৰীক ছবিখন দেখুৱাইছিল । মধ্যপ্ৰদেশৰ পিচতে বিতৰ্কিত ছবিখনক ‘কৰমুক্ত’ কৰি তোলা দ্বিতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে উত্তৰ প্ৰদেশ (Kerala story given tax free status in UP) ।