চিটাৰা ডেস্ক, 4 মে’:অৰ্পিতা খান আৰু আয়ুষ শৰ্মাৰ ঘৰত অনুষ্ঠিত ঈদ পাৰ্টীৰ নিশাটো স্মৰণীয় হৈ ৰ’ল তাত উপস্থিত অতিথিসকলৰ বাবে ৷ পাৰ্টীটোত ছলমান আৰু শ্বেহনাজৰ উপস্থিতিয়ে সকলোকে আপ্লুত কৰি ৰাখিলে (Shehnaaz Salman latest news) ৷ দুয়োৰে মিচিকিয়া হাঁহিয়ে মন ভৰাই তুলিলে অনুষ্ঠানলৈ অহা অতিথি আৰু অনুৰাগীৰ ৷
অনুষ্ঠানটোত উপস্থিত থকা শ্বেহনাজ গীল আৰু ছলমান খানৰ এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত সাংঘাতিক ধৰণে ভাইৰেল হৈ পৰিছে (Shehnaaz Salman eid celebration video) ৷ দুয়োগৰাকী তাৰকাই ফটোৰ বাবে প’জ দিয়াৰ সময়ত উষ্ম আলিংগন কৰা দেখা যায় ৷ ফটোসমূহৰ উপৰিও বেছিকৈ জনপ্ৰিয় হৈ পৰিছে এটা ভিডিঅ’ ৷ য’ত শ্বেহনাজে ছলমানক টানি নিজৰ গাড়ীৰ ওচৰলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে (Shehnaaz Salman eid celebration video) ৷