চিটাৰা ডেস্ক, 21 নৱেম্বৰ: দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম সুন্দৰী অভিনেত্ৰী তৃষা কৃষ্ণন । শেহতীয়াকৈ থালাপতি বিজয়ৰ ব্লকবাষ্টাৰ ছবি লিঅ’ত অভিনয় কৰা দেখা গৈছিল তৃষাক । এই ছবিখন বক্স অফিচত ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হৈছে ৷ ছবিখনৰ সফলতাৰ মাজতে ছবিখনত নেতিবাচক চৰিত্ৰত অভিনয় কৰা অভিনেতা মনছুৰ আলী খানে তৃষাক লৈ কিছু অশ্লীল মন্তব্য কৰিছিল, ইয়াৰ পিচত এই মন্তব্যক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হয় ব্যাপক বিতৰ্কৰ ৷ ইফালে মনছুৰ আলীৰ এই মন্তব্যক বহু তাৰকাই গৰিহণা দি তৃষাক সমৰ্থন আগবঢ়াইছে । এতিয়া মনছুৰ আলী খানৰ এই অশ্লীল মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে মেগাষ্টাৰ চিৰঞ্জীৱীয়ে ।
শেহতীয়াকৈ মনছুৰ আলী খানে এটা সংবাদমেলত অংশ লৈছিল, য’ত তেওঁ তৃষাক লৈ অশ্লীল মন্তব্য কৰিছিল ৷ অভিনেতাগৰাকীয়ে কৈছিল- মই ভাবিছিলোঁ যে মই আন ছবিসমূহত যেনেকৈ অভিনেত্ৰীসকলক শোৱা কোঠালৈ লৈ যাওঁ, ঠিক সেইদৰেই মই তাইকো (তৃষা) শোৱা কোঠালৈ লৈ যাম । মই বহুত ধৰ্ষণৰ দৃশ্য কৰিছো আৰু এইটো মোৰ বাবে নতুন কথা নহয় । কিন্তু এইসকল লোকৰ কাশ্মীৰৰ সূচীৰ বাবে তৃষাক এবাৰ আনকি দেখাৰো সুযোগো নাপালোঁ ।’’ এই মন্তব্যৰ পিচতেই ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হয় অভিনেতাজন ।
ইফালে খোদ তৃষাই এক্সত পোষ্ট শ্বেয়াৰ কৰি এই মন্তব্যক গৰিহণা দিয়ে । এতিয়া মেগাষ্টাৰ চিৰঞ্জীৱীয়ে নিজৰ এক্স একাউন্টত মনছুৰ আলী খানৰ এই ভাষণক গৰিহণা দি লিখিছে যে এনে মন্তব্য কেৱল এগৰাকী শিল্পীৰ বাবেই নহয়, প্ৰতিগৰাকী মহিলা/ছোৱালীৰ বাবেও ঘৃণনীয় ।