অসম

assam

ETV Bharat / entertainment

Chiranjeevi Konidela: কৰ্কট ৰোগত আক্ৰান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে চিৰঞ্জীৱীয়ে - চাউথ ফিল্মৰ মেগাষ্টাৰ চিৰঞ্জীৱী

কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ অস্বীকাৰ কৰিলে চাউথ ফিল্মৰ মেগাষ্টাৰ চিৰঞ্জীৱীয়ে । ৰাইজক আহ্বান জনাই তেওঁ কয় যে মানুহে বুজি নোপোৱাকৈ অসাৰ কথা লিখিব নালাগে ।

Chiranjeevi Konidela denied the news of suffering from cancer
কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰ অস্বীকাৰ কৰিলে চাউথ ফিল্মৰ মেগাষ্টাৰ চিৰঞ্জীৱীয়ে

By

Published : Jun 4, 2023, 10:07 PM IST

চিটাৰা ডেস্ক, 4 মে’: চাউথৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীৰ অনুৰাগী সমগ্ৰ বিশ্বতে আছে ৷ টলিউডৰ অন্যতম ডাঙৰ তাৰকা চিৰঞ্জীৱী । এনে পৰিস্থিতিত শেহতীয়াকৈ ছুপাৰষ্টাৰগৰাকীৰ স্বাস্থ্যৰ সন্দৰ্ভত এটা বাতৰি প্ৰচাৰ হৈছিল ৷ ইয়াৰ পিচতে অনুৰাগীসকলে তেওঁৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰে ৷ আচলতে অভিনেতাগৰাকী কৰ্কট ৰোগত আক্ৰান্ত বুলি এটা বাতৰি প্ৰচাৰ হৈছিল ৷ কিন্তু এয়া আচলতে ভুৱা বাতৰিহে ৷ এই খবৰৰ কোনো সত্য সত্যতা নাই ৷ এই কথা খোদ ছুপাৰষ্টাৰগৰাকীয়ে স্পষ্ট কৰিছে ৷

শেহতীয়াকৈ অনুৰাগীসকলক চিন্তিত হোৱা দেখি চিৰঞ্জীৱীয়ে এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ অভিনেতাজনে এই বাতৰিটো ভুৱা বুলি অভিহিত কৰে ৷ তেওঁ কয় যে তেওঁৰ কেতিয়াও কৰ্কট ৰোগত আক্ৰান্ত হোৱা নাছিল । নিয়মীয়া ৰুটিন চেকআপৰ বাবে হে চিকিৎসকৰ ওচৰলৈ গৈছিল । তেওঁ কয় যে তেওঁৰ নন-কেন্সাৰ পলিপ ধৰা পৰিছে, যিটো পৰীক্ষা কৰা হৈছে, যদিহে পৰীক্ষা কৰা নহ’লহেঁতেন তেন্তে ই বিপজ্জনক হ’ব পাৰিলেহেঁতেন । তেওঁ ক’লে যে তেওঁৰ স্বাস্থ্য এতিয়া একেবাৰে সুস্থ ।

অভিনেতাগৰাকীৰ টুইট

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে টুইটাৰত তেলুগু ভাষাত তেওঁৰ কৰ্কট ৰোগৰ ভুৱা বাতৰিৰ বিষয়ে পোষ্ট কৰিছিল (Chiranjeevi Reveals His Health Issue) । তেওঁ লিখিছে,‘‘কিছু সময় পূৰ্বে এটা কেন্সাৰ চেণ্টাৰ উদ্বোধন কৰাৰ সময়ত মই কেন্সাৰ সম্পৰ্কে সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ কথা কৈছিলো । মই আপোনালোকক কৈছিলো যে নিয়মীয়াকৈ কেন্সাৰ পৰীক্ষা কৰিলে সময়মতে কেন্সাৰ ধৰা পৰিব আৰু সময় মতে উপযুক্ত চিকিৎসা লাভ কৰিব ৷ ’’

সাংবাদিকসকলক দিলে নীতি শিক্ষা

চিৰঞ্জীৱীয়ে লগতে লিখিছে, ‘কিন্তু কিছুমান সংবাদ মাধ্যমে ইয়াক সঠিকভাৱে বুজি নাপালে ৷ সাংবাদিকসকলে লিখিলে মই কৰ্কট ৰোগত আক্ৰান্ত আৰু চিকিৎসাৰ বাবে বাচিলোঁ । যাৰ বাবে ৰাইজৰ মাজত বহু বিভ্ৰান্তিৰ সৃষ্টি হৈছে, বহু অনুৰাগীয়ে মোক মেছেজ কৰি আছে, মোৰ স্বাস্থ্যৰ বিষয়ে সুধিছে । গতিকে এই ব্যাখ্যা তেওঁলোক সকলোৰে বাবে ।’

লগতে সাংবাদিকসকলক এনে ভুৱা বাতৰি প্ৰচাৰ নকৰিবলৈ আহ্বান জনায় (Did Chiranjeevi have cancer)। তেওঁ সাংবাদিকসকলক ধমক দি কয়, "বিষয়টো বুজি নোপোৱাকৈ আজে বাজে কথা লিখিব নালাগে । ইয়াৰ বাবেই বহু মানুহ ভয় খাই আৰু আঘাত পাইছে ।"

লগতে পঢ়ক:Parveen Babi Biopic: পাৰবীন বাবীৰ বায়’পিক দেখা যাব উৰ্বশী ৰাউটেলাক

ABOUT THE AUTHOR

...view details