অসম

assam

ETV Bharat / entertainment

Chandrayaan 3: চন্দ্ৰযান ৩ অৱতৰণৰ পূৰ্বে উপভোগ কৰক তথ্যচিত্ৰ ‘চন্দ্ৰযান ২ - দ্য লেণ্ডিং; জানি লওক এই ছবিখন কোনটো অ’টিটিত চাব পাৰিব - চন্দ্ৰযান ২ দ্য লেণ্ডিং

‘চন্দ্ৰযান ৩’ অৱতৰণৰ পূৰ্বে ‘চন্দ্ৰযান ২’ৰ সৈতে জড়িত প্ৰতিটো তথ্যৰ বাবে ‘চন্দ্ৰযান ২: দ্য লেণ্ডিং’ তথ্যচিত্ৰ উপভোগ কৰিব পাৰিব। OTT ৰ কোনটো প্লেটফৰ্মত উপলব্ধ জানি লওক এই প্ৰতিবেদনত ৷

Chandrayaan 3 watch Chandrayaan 2 Documentary movie on disney hotstar mission from ISRO command centre in Bengaluru
তথ্যচিত্ৰ ‘চন্দ্ৰযান ২ - দ্য লেণ্ডিং

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 3:45 PM IST

চিটাৰা ডেস্ক, ২৩ আগষ্ট: চন্দ্ৰত চন্দ্ৰযান-৩ ৰ ছফ্ট লেণ্ডিঙৰ লগে লগে ভাৰতে ৰচিব ইতিহাস । ২৩ আগষ্টত অৰ্থাৎ বুধবাৰে সন্ধিয়া ৬.৪ বজাত চন্দ্ৰযান ৩ ৰ চন্দ্ৰত কোমল অৱতৰণ হ’ব । ইয়াৰ পূৰ্বে ২০১৯ চনৰ চন্দ্ৰযান ২ অভিযান বিফল হৈছিল । এনে পৰিস্থিতিত ইছৰোকে ধৰি সমগ্ৰ দেশৰ আশা ‘চন্দ্ৰযান ৩’ৰ ওপৰত। এই সকলোবোৰৰ মাজতে ‘চন্দ্ৰযান ২’ৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰও উপভোগ কৰিব পাৰিব আপুনি । এই তথ্যচিত্ৰখন ক’ত চাব পাৰি জানো আহক ৷

ক’ত চাব পাৰিব ‘চন্দ্ৰযান ২: দ্য লেণ্ডিং’ ?

চন্দ্ৰযান-৩ কেইঘণ্টামানৰ পিচত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিব । এই ৰোমাঞ্চকৰ মুহূৰ্তবোৰৰ আগতে আপুনি উপভোগ কৰিব পাৰিব তথ্যচিত্ৰ ‘চন্দ্ৰযান ২: দ্য লেণ্ডিং’ । এই ছবিখনত বেংগালুৰুৰ ইছৰোৰ কমাণ্ড চেণ্টাৰৰ পৰা ‘চন্দ্ৰযান ২’ মিছনৰ সবিশেষ দিয়া হৈছে । ইছৰোৱে ‘চন্দ্ৰযান ২: দ্য লেণ্ডিং’ৰ বাবে কেনেদৰে প্ৰস্তুতি চলাইছিল আৰু কিদৰে ইয়াক মুকলি কৰা হৈছিল যদিও বিফল হৈছিল সেই ছবিখনত দেখুওৱা হৈছে সকলো । 'চন্দ্ৰযান ২: দ্য লেণ্ডিং' অ’টিটি প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰত উপলব্ধ । ইয়াক চাৰিটা ভাষাত হিন্দী, তামিল, তেলেগু আৰু বাংলা ভাষাত চাব পাৰিব ৷

২০১৯ চনত চন্দ্ৰযান-২ৰ লেণ্ডাৰ চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল

উল্লেখ্য যে ২০১৯ চনত ভাৰতৰ চন্দ্ৰযান-২ৰ লেণ্ডাৰখন চন্দ্ৰত কোমল অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈছিল । নাছাই তিনিমাহে বিক্ৰমৰ অৱশিষ্ট বিচাৰি উলিয়াবলৈ চেষ্টা কৰিছিল । কিন্তু বিচাৰি উলিয়াব পৰা নাই ৷ পিচত নাছাই লুনাৰ ৰিকনেছান্স অৰ্বিটাৰে ক্লিক কৰা এখন ছবি মুকলি কৰে । এই কথা দেখি চেন্নাইৰ এজন মেকানিকেল ইঞ্জিনিয়াৰে বিক্ৰমৰ অৱশিষ্ট চিনাক্ত কৰে ।

কিন্তু আমোদজনক কথাটো হ’ল যে লেণ্ডাৰ আৰু ৰভাৰৰ দুৰ্ঘটনাৰ পিচতো ইছৰোৰ অৰ্বিটাৰে চন্দ্ৰৰ পৰিক্ৰমা কৰি আছিল ৷ অৰ্থাৎ ২০১৯ চনৰ পৰা চন্দ্ৰযান-২ৰ অৰ্বিটাৰে চন্দ্ৰৰ পৰিভ্ৰমণ কৰি আহিছে আৰু ইয়ে বহুখিনি সহায় কৰিছিল চন্দ্ৰযান-৩ মিছনত ।

লগতে পঢ়ক:Chandrayaan 3: অনুপম খেৰ, আৰ মাধৱনৰ লগতে বহু চেলিব্ৰিটিয়ে চন্দ্ৰযান ৩ৰ সফলতাৰ বাবে কৰিছে প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details