অসম

assam

ETV Bharat / entertainment

Chandrayaan 3: চন্দ্ৰযান ৩ক লৈ ঠাট্টা মস্কৰা প্ৰকাশ ৰাজৰ, ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ক’লে- আপুনি দেশদ্ৰোহী নেকি ?

অভিনেতা প্ৰকাশ ৰাজে, ইছৰোৰ প্ৰাক্তন মুৰব্বী কে. শিৱনক ঠাট্টা কৰি এখন ছবি শ্বেয়াৰ কৰিছে । ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হয় অভিনেতাগৰাকী ৷

Chandrayaan 3: Actor Prakash Raj slammed for mocking Indias Moon mission
প্ৰকাশ ৰাজে চন্দ্ৰযান-৩ক ঠাট্টা কৰে

By

Published : Aug 21, 2023, 5:35 PM IST

চিটাৰা ডেস্ক, ২১ আগষ্ট: বলীউডৰ পৰা দক্ষিণলৈ নিজৰ অভিনয়ৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰা অভিনেতা প্ৰকাশ ৰাজক কোনে চিনি নাপায় । বলিষ্ঠ অভিনয়ৰ বাবে পৰিচিত এইগৰাকী অভিনেতা। প্ৰকাশ ৰাজ ছ’চিয়েল মিডিয়াত অতিকৈয়ে সক্ৰিয় আৰু প্ৰায় প্ৰতিটো বিষয়তে নিজৰ মতামত দিয়া দেখা যায় ।

অভিনেতাগৰাকীয়ে বিজেপিক টাৰ্গেট কৰাৰ কোনো সুযোগ এৰি নিদিয়ে । আনকি বহু সময়ত অভিনেতাজনে নিজৰ মন্তব্যৰ বাবে সমালোচনাৰ সন্মুখীনো হ’ব লগা হয় ৷ পুনৰ নিজৰ মন্তব্যৰ বাবে চৰ্চাত আহিছে অভিনেতাগৰাকী ৷ অভিনেতাগৰাকীৰ এটা টুইট যথেষ্ট ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

দৰাচলতে অভিনেতাগৰাকীয়ে ইছৰোৰ প্ৰাক্তন মুৰব্বী কে. শিৱনক ঠাট্টা কৰি চন্দ্ৰযান ৩ ক লৈ মন্তব্য কৰিছে ৷ অভিনেতাগৰাকীয়ে চন্দ্ৰযান ৩ ক কৰা এই টুইটৰ পিচতে ছ’চিয়েল মিডিয়াত ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে অভিনেতাগৰাকী ৷ আনকি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে তেওঁক দেশদ্ৰোহী আখ্যা দিছে ।

প্ৰকাশ ৰাজে কি লিখিলে টুইটত

দৰাচলতে অভিনেতা প্ৰকাশ ৰাজে চন্দ্ৰযান-৩ক ঠাট্টা কৰি ইছৰোৰ প্ৰাক্তন মুৰব্বী কে শিৱনৰ কাৰ্টুন শ্বেয়াৰ কৰিছে, ফটোখনত চাৰ্ট আৰু লুংগী পৰিধান কৰা কাৰ্টুনটোৱে এটা মগৰ পৰা আন এটা মগলৈ চাহ ঢালি দিয়া দেখা গৈছে। এই কাৰ্টুনটো শ্বেয়াৰ কৰি প্ৰকাশ ৰাজে লিখিছে যে ‘ব্ৰেকিং নিউজ ! চন্দ্ৰৰ পৰা প্ৰথম ছবি #vikramlander ।’ এই টুইটটো চৰ্চালৈ অহাৰ লগে লগে অভিনেতাজনক ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে সমালোচনা কৰিছে ব্যৱহাৰকাৰীয়ে ৷

ছচিয়েল মিডিয়াব্যৱহাৰকাৰীৰ মতামত

প্ৰকাশ ৰাজৰ এই টুইট সন্দৰ্ভত মন্তব্য কৰি এজন ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে যে ‘‘এই কামটো কৰি আপুনি কোনো বিশেষ দলক অপমান কৰা নাই সমগ্ৰ দেশক অপমান কৰিছে’’। এজনে লিখিছে যে ‘‘আপুনি দেশদ্ৰোহী নেকি ? আপুনি ইয়াৰে খাই ইয়াৰ বিষয়েই বেয়া চিন্তা কৰে । সফল হ’ব চন্দ্ৰযান-৩ । প্ৰতিজন ভাৰতীয়ই ইয়াৰ সফলতাৰ বাবে প্ৰাৰ্থনা কৰিছে । আপোনালোকৰ দৰে নগৰীয়া নক্সাল আৰু জাতীয় বিৰোধীৰ প্ৰাৰ্থনা গ্ৰহণ নহ’ব ।

আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে সমস্যাটো হ’ল এজন চাহ বিক্ৰী কৰা ব্যক্তিয়ে এই সকলোবোৰ কৰি আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ‘চিকিৎসাৰ প্ৰয়োজন, কিন্তু চিকিৎসকেও আপোনাৰ বেমাৰৰ কথা ভাবি চিকিৎসা কৰিব নোৱাৰিব ।’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে যে ‘আপুনি লাজ পাব লাগে ।’

প্ৰতিবেদন অনুসৰি, ২৩ আগষ্টত চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব পাৰে ।

লগতে পঢ়ক:ISRO shares pictures of Moon: চন্দ্ৰযান-৩য়ে সংগ্ৰহ কৰা জোনবাইৰ বুকুৰ নতুন ফটো মুকলি ইছৰোৰ

ABOUT THE AUTHOR

...view details