অসম

assam

Chahatt Khanna reveals Sukesh: সুকেশে মোক তিহাৰ জেলত বিয়াৰ প্ৰস্তাৱ দিছিল: চাহাট খান্না

By

Published : Jan 28, 2023, 8:11 PM IST

প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰৰ সৈতে টিভি জগতৰ অভিনেত্ৰীৰ নামো সাঙোৰ খাইছে ৷ এই গোচৰত টিভিৰ বিখ্যাত অভিনেত্ৰী চাহাট খান্নাই আদালতত এক চাঞ্চল্যকৰ বিবৃতি দাখিল কৰিছে (Chahatt Khanna Sukesh Chandrasekhar) । চাহাটে দাবী কৰিছে যে সুকেশে তেওঁক বিয়া কৰাব বিচাৰিছিল আৰু তিহাৰ জেলত প্ৰেমৰ প্ৰস্তাৱ দিছিল ।

CHAHATT KHANNA
সুকেশৰ বাবেই জীৱন ধ্বংস হ’ল চাহাটৰ

চিটাৰা ডেস্ক, 28 জানুৱাৰী : প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰক লৈ নতুন নতুন তথ্য প্রকাশ ঘটিয়ে থাকে ৷ ইতিমধ্যে 200 কোটি টকীয়া ধন সৰবৰাহৰ গোচৰত সুকেশ সন্দৰ্ভত বহু কথা প্ৰকাশ কৰিছে বলীউডৰ দুগৰাকী অভিনেত্ৰী জেকলিন আৰু নোৰা ফাতেহীয়ে ৷ নিজৰ বক্তব্যৰে বিস্ফোৰণ ঘটাইছে এই দুই অভিনেত্ৰীয়ে । এতিয়া এই খণ্ডত তৃতীয় গৰাকী অভিনেত্ৰী চাহাট খান্নাই সুকেশৰ ওপৰত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে । চাহাট খান্না এগৰাকী টিভি অভিনেত্ৰী আৰু জনপ্ৰিয় টিভি শ্ব’ ‘বড়ে আচ্ছে লগতে হে ’কে ধৰি বহু টিভি শ্ব’ত অভিনয় কৰিছে ।

দিল্লীৰ পাটিয়ালা হাউচ ক’ৰ্টত সুকেশৰ ওপৰত বাৰে বাৰে শুনানি চলি আছে । জেকলিন আৰু নোৰাৰ পিছত এতিয়া টিভি অভিনেত্ৰী চাহাট খান্নাই আদালতত তেওঁৰ বক্তব্য ৰেকৰ্ড কৰিছে । সংবাদ মাধ্যমৰ খবৰ অনুসৰি, চাহাট খান্নাই সুকেশক সন্দৰ্ভত আদালতত এক বিবৃতি দিছে যে তেওঁ তিহাৰ জেলত সুকেশক সাক্ষাৎ কৰিবলৈ গৈছিল (Chahatt Khanna Sukesh Chandrasekhar) । অভিনেত্ৰীগৰাকীয়ে দাবী কৰে যে তেওঁক বাৰে বাৰে ব্লেকমেইল কৰা হৈছে আৰু গোচৰৰ পৰা মুক্তি পাবলৈ অভিনেত্ৰী গৰাকীৰ পৰা মুক্তিপণ বিচৰা হৈছে ।

চাহাটে দাবী কৰে যে, ‘মই ভুক্তভোগী আৰু বহুত হাৰাশাস্তি কৰা হৈছে আৰু মই বিচাৰো যে এই গোচৰটোত বিশ্বই মোৰ পক্ষ জানিব’। আদালতত চাহাটে আৰম্ভণিৰে পৰা গোটেই কাহিনী বৰ্ণনা কৰে আৰু 2018 চনত তেওঁলৈ ফোন আহিছিল বুলি জনায় । দিল্লীৰ এখন স্কুলত বিচাৰক হিচাপে অংশগ্ৰহণ কৰিবলৈ এই ফোন আহিছিল তেওঁলৈ । চাহাটে আৰু কয়, ‘মই 2018 চনৰ 18 মে’ত দিল্লীলৈ গৈছিলো, মুম্বাই বিমানবন্দৰত এঞ্জেল খান নামৰ এগৰাকী ভদ্ৰমহিলাক লগ পাইছিলো, তেওঁ মোক দিল্লী ইভেণ্টলৈ লৈ যাব বুলি কৈছিল, আমি দিল্লী পোৱাৰ সময়ত তেওঁ মোক গাড়ী সলনি কৰিবলৈ কৈছিল, ইয়াৰ পিছত আমি ধূসৰ ৰঙৰ গাড়ী এখনত উঠিলোঁ আৰু কেইমুহূৰ্তমানৰ ভিতৰতে মই দেখিলোঁ যে আমি তিহাৰ জেলৰ বাহিৰত আছো, যেতিয়া মই তেওঁক এই বিষয়ে সুধিলোঁ, তেওঁ ক’লে যে আমি জেলৰ মাজেৰে স্কুলখনলৈ যাব লাগিব’ ।

তিহাৰ জেললৈ যোৱাৰ পিছত অভিনেত্ৰী গৰাকীয়ে বুজি পালে যে তেওঁক কিবা অন্য কথাত জড়িত কৰাৰ চেষ্টা চলোৱা হৈছে । অভিনেত্ৰী গৰাকীয়ে জনোৱা মতে," তিহাৰ জেলৰ এটা সৰু কোঠালৈ লৈ যোৱা হৈছিল, যিটো কোঠা অমূল্য লেপটপ, ঘড়ী আৰু বিলাসী বেগেৰে ভৰি আছিল । এই সকলোবোৰ আছিল আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ বস্তু । সুকেশক লগ পাওঁতে টিভি শ্ব' বড়ে আচ্ছে লগতে হেৰ মোৰ ডাঙৰ অনুৰাগী বুলি ক'লে, কিছু প্ৰশ্ন সুধিলে আৰু আঁঠু লৈ মোক বিয়াৰ প্ৰস্তাৱ দিলে । মই তেওঁক চিঞৰি চিঞৰি ক’লোঁ যে মই বিয়া হৈছো আৰু দুটা সন্তান আছে, কিন্তু তেওঁ ক’লে যে মোৰ স্বামী মোৰ বাবে ভাল মানুহ নহয় আৰু তেওঁ মোৰ সন্তান দুটাকো দত্তক ল’ব, মই বৰ চিন্তিত হৈ কান্দিবলৈ ধৰিলোঁ" ।

চাহাটে আৰু দাবী কৰে যে এঞ্জেলে জেলত মোৰ লগত চেলফি লৈছিল আৰু মোক বিমানবন্দৰত নমাই দিওঁতে মোক 2 লাখ টকা আৰু ব্ৰেণ্ডেড ঘড়ী এটা দি কৈছিল যে এয়া উপহাৰ । কিন্তু, মুম্বাইলৈ আহি মই দেখিলো যে এঞ্জেলে মোৰ নম্বৰটো ব্লক কৰি দিলে আৰু তাৰ পিছত কিছু অচিনাকি লোকে মোক ভাবুকি দিলে যে যদি মই তেওঁলোকক 10 লাখ টকা নিদিওঁ তেন্তে তিহাৰ জেলৰ পৰা মোৰ ভিডিঅ’টো শ্বেয়াৰ কৰিব ।

অভিনেত্ৰী গৰাকীয়ে কয় যে এই গোটেই ঘটনাটোৱে তেওঁৰ সুস্থিৰ বৈবাহিক জীৱন নষ্ট কৰি পেলালে আৰু তেওঁৰ স্বামীয়ে তেওঁক এৰি থৈ গুচি গ’ল । অভিনেত্ৰী গৰাকীয়ে দাবী কৰে যে 2018 বৰ্ষলৈকে সুকেশে তেওঁক আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা ফোন কৰি কি বিচাৰে সুধিছিল । অভিনেত্ৰীগৰাকীয়ে কয় যে এইক্ষেত্ৰত মই পিছুৱাই নাযাওঁ, তেওঁৰ বিৰুদ্ধে যুঁজিম ।

লগতে পঢ়ক :Sukesh Chandrasekhar-Nora Fatehi case: সুকেশ চন্দ্ৰশেখৰৰ দাবী- নোৰা ফাতেহীয়ে পৰিয়ালৰ বাবে ঘৰ কিনিবলৈ টকা বিচাৰিছিল

ABOUT THE AUTHOR

...view details