অসম

assam

By

Published : Apr 28, 2023, 1:03 PM IST

ETV Bharat / entertainment

Jiah Khan Suicide Case: জিয়া খানৰ আত্মহত্যাৰ গোচৰত আদালতৰ ডাঙৰ ৰায়দান

অৱশেষত ১০ বছৰৰ পাচত আজি জিয়া খানৰ আত্মহত্যাৰ গোচৰত চিবিআইৰ বিশেষ আদালতে ৰায়দান কৰে (Jiah Khan Suicide Case)।

CBI court acquits Sooraj Pancholi in Jiah Khan suicide case
জিয়া খানৰ আত্মহত্যাৰ গোচৰত চিবিআইৰ বিশেষ আদালতে ৰায়দান কৰে

চিটাৰা ডেস্ক, 28 এপ্ৰিল:২০১৩ চনৰ ৩ জুনত মুম্বাইৰ নিজা বাহগৃহৰ পৰা উদ্ধাৰ হৈছিল বলীউডৰ অভিনেত্ৰী জিয়া খানৰ মৃতদেহ । অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ গোচৰত প্ৰায় ১০ বছৰৰ মূৰত আজি বিশেষ চিবিআই আদালতে ৰায় দিয়ে । এই গোচৰত অভিনেতা সূৰজ পাঞ্চোলিয়ে জিয়াক আত্মহত্যা কৰাত সহযোগ কৰাৰ অভিযোগ উত্থাপন হৈছিল । অৱশেষত দহ বছৰ ধৰি চলি থকা জিয়া খানৰ মৃত্যুৰ গোচৰত অভিযুক্ত সূৰজ পাঞ্চোলিক দোষমুক্ত ঘোষণা কৰে আদালতে (Jiah Khan suicide case) ৷

বিগত সপ্তাহত বিশেষ কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰোৰ আদালতৰ ন্যায়াধীশ এ এছ ছায়াদে দুয়োপক্ষৰ চূড়ান্ত যুক্তি শুনানি গ্ৰহণ কৰি গোচৰটোত নিজৰ ৰায় সংৰক্ষিত কৰি ৰাখিছিল । 2013 চনৰ 3 জুনত জুহুৰ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হৈছিল আমেৰিকান নাগৰিক জিয়া (২৫)ৰ মৃতদেহ । পিচত আৰক্ষীয়ে ছয় পৃষ্ঠাৰ চিঠিৰ ভিত্তিত সূৰজক গ্ৰেপ্তাৰ কৰিছিল, যিখন চিঠি অভিনেত্ৰী জিয়া খানে লিখা বুলি কোৱা হৈছে ৷ চিঠি অনুসৰি জিয়াক আত্মহত্যাত উচটনি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩০৬ৰ অধীনত (Jiah Khan suicide verdict) ।

প্ৰথমে গোচৰৰ তদন্ত কৰা মুম্বাই আৰক্ষীয়ে জব্দ কৰা চিঠিখন জিয়া খানে লিখা বুলি চিবিআইয়ে অভিযোগ কৰিছিল । কেন্দ্ৰীয় সংস্থাটোৱে জনোৱা মতে, টোকাটোত জিয়া খানৰ “অন্তৰংগ সম্পৰ্ক, শাৰীৰিক নিৰ্যাতন আৰু মানসিক আৰু শাৰীৰিক নিৰ্যাতন”ৰ বৰ্ণনা কৰিছিল ৷ য’ত উল্লেখ আছিল সূৰজৰ নাম ৷

কেন্দ্ৰীয় সংস্থাই তদন্ত কৰা বাবে গোচৰটোৰ ওপৰত নিজৰ অধিকাৰ নাই বুলি অধিবেশন আদালতে কোৱাৰ পিচতে ২০২১ চনত চিবিআইৰ বিশেষ আদালতত গোচৰটো পুনৰ অৰ্পণ কৰা হয় । এই গোচৰৰ মূল বিচাৰ সাক্ষী জিয়াৰ মাতৃ ৰাবিয়া খানে আদালতত কয় যে তেওঁ বিশ্বাস কৰিছিল যে এইটো আত্মহত্যাৰ গোচৰ নহয় । যোৱা বছৰ বম্বে উচ্চ ন্যায়ালয়ে এই গোচৰৰ নতুন তদন্ত বিচাৰি তেওঁৰ আবেদন খাৰিজ কৰিছিল ।

জিয়াৰ মাতৃ ৰাবিয়াই চিবিআই আদালতত কৈছিল যে সূৰজে জিয়াক শাৰীৰিক আৰু মৌখিক গালি-গালাজ পাৰিছিল । ৰাবিয়াই আদালতত এই কথাও কয় যে তেওঁৰ কন্যাই আত্মহত্যা কৰা বুলি প্ৰমাণ কৰিবলৈ আৰক্ষী বা চিবিআইয়ে কোনো “আইনী প্ৰমাণ” সংগ্ৰহ কৰা নাই ।

জিয়াই বহু ছবিত ডাঙৰ তাৰকাৰ সৈতে কাম কৰিছিল

২০০৭ চনত অমিতাভ বচ্চনৰ বিপৰীতে ‘নিশব্দ’ ছবিৰে চলচ্চিত্ৰ জগতত কেৰিয়াৰ আৰম্ভ কৰিছিল জিয়াই । বলীউডত আত্মপ্ৰকাশ কৰাৰ সময়ত জিয়াৰ বয়স আছিল মাত্ৰ ২১ বছৰ । জিয়া আৰু অমিতাভৰ মাজত এক ৰোমান্টিক সম্পৰ্ক এই ছবিখনত দেখুৱাইছে ৰাম গোপাল বৰ্মাই । জিয়াৰ অভিনয়ক অতিশয় প্ৰশংসা কৰা হৈছিল ।

ইয়াৰ পিচত জিয়া খানে ২০০৮ চনৰ ব্লকবাষ্টাৰ ছবি ‘গজিনী’ত আমিৰ খানৰ সৈতে অভিনয় কৰিছিল। আমিৰ খান আৰু আছিন অভিনীত এই ছবিখনত মেডিকেলৰ ছাত্ৰৰ চৰিত্ৰত অভিনয় কৰিছিল জিয়া । ইয়াৰ পিচত ২০১০ চনত জিয়াই তৃতীয় আৰু শেষৰখন ছবি ‘হাউছফুল’ কৰিছিল । এই ছবিখনতো জিয়াই অক্ষয় কুমাৰৰ দৰে ডাঙৰ তাৰকাৰ সৈতে পৰ্দা শ্বেয়াৰ কৰিছিল আৰু এই ছবিখনো হিট হৈছিল।

লগতে পঢ়ক:Jiah Khan case verdict today: চিবিআই আদালতলৈ ৰাওনা হ’ল সূৰজ পাঞ্চোলি; চাওক ভিডিঅ’

ABOUT THE AUTHOR

...view details