চিটাৰা ডেস্ক, ৩ জানুৱাৰী:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ডিএমডিকেৰ প্ৰতিষ্ঠাপক তথা জনপ্ৰিয় অভিনেতা বিজয়কান্তক শ্ৰদ্ধাঞ্জলি জনায় ৷ অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই মোদীয়ে কয় যে তেওঁ কেৱল চিনেমাতে নহয়, ৰাজনীতিতো ‘কেপ্টেইন’ আছিল । উল্লেখ্য যে, ডি এম কেৰ মুৰব্বী বিজয়কান্তৰ শৰীৰত ক’ৰনা পজিটিভ ধৰা পৰাৰ পিচত তেওঁক চেন্নাইৰ এখন হাস্পতালত ভেন্টিলেটৰৰ সহায়ত ৰখা হৈছিল । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসাধীন অৱস্থাতে দেহাৱসান ঘটে অভিনেতাগৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ ।
প্ৰধানমন্ত্ৰী মোদীয়ে ডিএমডিকেৰ মুৰব্বীগৰাকীৰ সন্দৰ্ভত কয়, "মাত্ৰ কেইদিনমানৰ আগতে আমি বিজয়কান্ত জীক হেৰুৱাইছিলো । তেওঁ কেৱল চিনেমা জগততে নহয়, ৰাজনীতিতো এজন কেপ্টেইন আছিল । তেওঁ চিনেমাৰ কামেৰে মানুহৰ হৃদয় জয় কৰিছিল । ’’ মোদীয়ে কয় যে ৰাজনীতিবিদ হিচাপে তেওঁক সদায় স্মৰণ কৰা হ’ব ।
২০২৩ চনৰ ২৮ ডিচেম্বৰৰ পুৱা ডি এম কেৰ মুৰব্বী বিজয়কান্তৰ দেহাৱসান ঘটে । মৃত্যুৰ পিচত তেওঁৰ মৃতদেহ চিকিৎসালয়ৰ পৰা তেওঁৰ বাসগৃহলৈ অনাৰ পিচত শেষ দৰ্শনৰ বাবে ডি এম ডি কেৰ কাৰ্যালয়ত ৰখা হৈছিল । এইখিনিতে উল্লেখ কৰিব লাগিব যে নৱেম্বৰ মাহৰ আৰম্ভণিতে বিজয়কান্তৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল ৷ যাৰ বাবে তেওঁক চেন্নাইৰ এম আই অ’ টি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল । কাহ আৰু ডিঙিৰ বিষৰ বাবে ১৪ দিন চিকিৎসকৰ পৰ্যবেক্ষণত আছিল ।