অসম

assam

ETV Bharat / entertainment

Cannes 2023 : কাঁ চলচ্চিত্ৰ মহোৎসৱত মহিলাৰ অদ্ভুত কাণ্ড, চাওক ভিডিঅ’ - কাঁ চলচ্চিত্ৰ মহোৎসৱত তেজেৰে লুতুৰি পুতুৰি মহিলা

৭৬ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ ২০২৩ ৰ ৰেড কাৰ্পেটত শেহতীয়াকৈ সংঘটিত হ’ল এক অদ্ভুত কাণ্ড ৷ ইউক্ৰেইনৰ পতাকাৰ পোছাক পৰিধান কৰা এগৰাকী মহিলাই ৰেড কাৰ্পেটত কৰিলে এনে কাণ্ড যি দেখি হতবাক সকলো ৷ চাওক ভিডিঅ’ ৷

Cannes 2023: Woman clad in colours of 'Ukrainian Flag', spills fake blood on herselfCannes 2023: Woman clad in colours of 'Ukrainian Flag', spills fake blood on herself
কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা মহিলাৰ ভিডিঅ’ ভাইৰেল

By

Published : May 23, 2023, 3:29 PM IST

Updated : May 23, 2023, 4:29 PM IST

চিটাৰা ডেস্ক, 23 মে’: যোৱা 16 মে’ পৰা ফ্ৰান্সৰ কাঁ চহৰৰ উপকূলীয় অঞ্চল ফ্ৰেঞ্চ ৰিভিয়াৰাত ৭৬ সংখ্যক কাঁ চলচ্চিত্ৰ মহোৎসৱ আৰম্ভ হৈছে (Cannes 2023)। ছাৰা আলী খান, মৃণাল ঠাকুৰ, মৌনি ৰয় আৰু ছানী লিঅ’নেকে ধৰি বলীউডৰ বহু অভিনেত্ৰীয়ে আত্মপ্ৰকাশ কৰিছে এইবাৰৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত ৷ ইয়াৰ উপৰিও এতিয়াও কিছুমান অভিনেত্ৰী বাকী আছে যিসকলে অতি সোনকালে কাঁত আত্মপ্ৰকাশ কৰিব (Cannes 2023 Ukrainian Flag) ৷

ইফালে ৰেড কাৰ্পেটৰ গ্লেমাৰ চলি থকাৰ মাজতে এক আশ্চৰ্যজনক ঘটনা সংঘটিত হ’ল ৷ শেহতীয়াকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ পৰা এটা ভিডিঅ’ পোহৰলৈ আহিছে ৷ যিটো ভিডিঅ’ পোহৰলৈ অহাৰ পিচতে সামাজিক মাধ্যমত ভিডিঅ’টো অতি দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে (Cannes 2023 model fake blood) ৷

ইউক্ৰেইনৰ পতাকাৰ সাজ পৰিধান কৰি ৰেড কাৰ্পেটত এগৰাকী মহিলাই নিজৰ শৰীৰটো তেজৰে ৰাঙলী কৰে ৷ মহিলাগৰাকীৰ এনে অৱস্থা দেখি কেনেবাকৈ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ নিৰাপত্তাৰক্ষীয়ে মহিলাগৰাকীক সেই স্থানৰ পৰা এস্কৰ্ট কৰি বাহিৰলৈ লৈ যায় । জানিব পৰা মতে এই মহিলাগৰাকীয়ে ইউক্ৰেইনৰ সমৰ্থনত ৰেড কাৰ্পেটত নামিছিল ।

ঘটনাৰ বিৱৰণী অনুসৰি দেওবাৰে (২১ মে’) অনুষ্ঠান আৰম্ভ হোৱাৰ লগে লগে এগৰাকী অচিনাকি মহিলাই গ্লেমাৰাছ লুকেৰে ৰেড কাৰ্পেটত প্ৰৱেশ কৰে । মহিলাগৰাকীয়ে প্ৰথমে ৰেড কাৰ্পেটত দুই-চাৰি খোজ দিয়ে আৰু তাৰ পিচত নামি আহি থাকোঁতে নিজৰ সৈতে লৈ অহা নকল তেজ নিজৰ শৰীৰত ঢালি দিয়ে । এই ঘটনা ‘এচিড’ ছবিখনৰ প্ৰদৰ্শনৰ সময়ত সংঘটিত হোৱা বুলি কোৱা হয় (Cannes 2023 fake blood) ।

একে সময়তে এই কাম কৰি থাকোঁতে মহিলাগৰাকীক নিৰাপত্তাৰক্ষীয়ে ৰখাই ইভেণ্টৰ পৰা বাহিৰ কৰি দিয়ে । এতিয়া এই সমগ্ৰ ঘটনাৰ ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত ব্যৱহাৰকাৰীসকলেও মহিলাগৰাকীৰ এই কাৰ্যক লৈ বিভিন্ন মন্তব্য প্ৰকাশ কৰিছে ।

এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘আপুনি ভাল কৰিছে’। আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এই কামটো কৰাৰ পিচতো এই মহিলাগৰাকীক অতিশয় সুন্দৰ দেখা গৈছে’।

কিন্তু আপুনি জানেনে মহিলাগৰাকীয়ে কিয় এনে কৰিলে ?

উল্লেখ্য যে, যোৱা বছৰৰ পৰা আৰম্ভ হৈছিল ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ ৷ ইউক্ৰেইনত ৰাছিয়াই বোমাৰে আক্ৰমণ কৰিছিল আৰু বৰ্তমান ইউক্ৰেইনৰ পৰিস্থিতি অধিক বেয়া হৈ পৰিছে। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত প্ৰথমটো বোমা নিক্ষেপ কৰিছিল আৰু এতিয়াও যুদ্ধ অব্যাহত আছে । একে সময়তে এই মহিলাগৰাকীয়ে ইউক্ৰেইনৰ বাবে বিশ্বৰ সন্মুখক মাত মাতিবলৈ আন্তঃৰাষ্ট্ৰীয় মঞ্চত এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:Aishwarya Cannes 2023: কাঁৰ ৰেড কাৰ্পেটত ঐশ্বৰ্য ৰায়ৰ অনন্য ৰূপ, কাঁত পূৰ্বে এনেকুৱা ৰূপ হয়তো আপুনি কেতিয়াও দেখা নাই

Last Updated : May 23, 2023, 4:29 PM IST

ABOUT THE AUTHOR

...view details